লামডিং ঠাকুৰবাৰী মন্দিৰৰ ১০০ বছৰ পূৰ্ণ হোৱা উপলক্ষে মঙ্গল শুভ যাত্ৰা
হোজাই, ০৯ মে’ (হি.স.)। লামডিং ঠাকুৰবাৰী মন্দিৰৰ প্ৰাংগনত এক উদুলি মুদুলি পৰিবেশ । হৰি নামৰ ধ্বনিৰে ম
লামডিং ঠাকুৰবাৰী মন্দিৰৰ ১০০ বছৰ পূৰ্ণ হোৱা উপলক্ষে মঙ্গল শুভ যাত্ৰা


হোজাই, ০৯ মে’ (হি.স.)। লামডিং ঠাকুৰবাৰী মন্দিৰৰ প্ৰাংগনত এক উদুলি মুদুলি পৰিবেশ । হৰি নামৰ ধ্বনিৰে মুখৰিত সমগ্ৰ লামডিং চহৰ। বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে একত্ৰিত হৈ পৰম্পৰাগত কলা কৃষ্টিৰ নৃত্য গীত। আজিৰ দিনটোত লামডিঙ চহৰত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান কৰা হব৷

অষ্ট ধাম কীৰ্তন, ৰাম মানস পাঠ , হনুমান পাঠ আদি কৰি ভগৱানৰ নাম কীৰ্তন কৰা হব৷ লামডিঙত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈ শোভাযাত্ৰা মিলিত হোৱা দেখা যায়। উখল মাখল পৰিৱেশ লামডিঙত৷ সমাজত শান্তি সম্প্ৰতি বজাই ৰখাৰ উদ্দেশৰে এই শোভাযাত্ৰা গোটেই লামডিঙ চহৰ প্ৰৰিক্ৰমা কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande