বাইহাটা চাৰিআলিৰ মাজমজিয়াৰ ৰামানুজন একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ মাজতো এক উখল মাখল পৰিবেশে
কামৰূপ, ০৯ মে' (হি.স.)। আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। এই ফলাফল ঘোষণা হোৱাৰ
বাইহাটা চাৰিআলিৰ মাজমজিয়াৰ ৰামানুজন একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ মাজতো এক উখল মাখল পৰিবেশে


কামৰূপ, ০৯ মে' (হি.স.)। আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। এই ফলাফল ঘোষণা হোৱাৰ পাছতেই সমগ্ৰ ৰাজ্যৰ লগতে বাইহাটা চাৰিআলিৰ মাজমজিয়াৰ ৰামানুজন একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ মাজতো এক উখল মাখল পৰিবেশে বিৰাজ কৰা দেখা গৈছে ৷

এই শিক্ষানুস্থান খনৰ পৰা এইবেলি বিজ্ঞান শাখাত ৯৪% ৰে উজ্বলিছে হিমাংশু দাস লগতে কলা শাখাৰ বুৰঞ্জী বিভাগত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে বিদিছা গোস্বামীয়ে। ছাত্ৰী গৰাকীয়ে মুঠ ১০০ নম্বৰৰ ভিতৰত ৯৯ পাবলৈ সক্ষম হোৱাত সমূহ ৰামানুজন পৰিয়ালৰ মাজত এক আনন্দমুখৰ পৰিবেশ সৃষ্টি কৰিছে। উল্লেখ্য যে এইবাৰ ৰামানুজন একাডেমীৰ পৰা কলা শাখাৰ ৭৭ গৰাকী পৰীক্ষাৰ্থী আৰু বিজ্ঞান শাখাত ৩২২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande