সোণাৰিৰ সাপেখাতীত বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ একে পৰিয়ালৰ পাচঁজনকৈ লোক
চৰাইদেউ, ২৬ এপ্ৰিল (হি স)। সোণাৰিৰ সাপেখাতীত বিষাক্ত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰে একে
সোণাৰিৰ সাপেখাতীত বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ একে পৰিয়ালৰ পাচঁজনকৈ লোক


চৰাইদেউ, ২৬ এপ্ৰিল (হি স)। সোণাৰিৰ সাপেখাতীত বিষাক্ত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰে একে পৰিয়ালৰ পাচঁজনকৈ লোক । উজনিকুৰী গাঁৱৰ দিপা মূড়া ( ২৮), ভদ্ৰেশ্বৰ মূড়া (২৯), নিজৰা মুড়া (৮), দিপাঞ্জলী মূড়া (৩) আৰু এটি ডেৰ বছৰীয়া সন্তান কৃষ্ণ মূড়ায়ে পুৱাৰ আহাৰৰ সৈতে বিষাক্ত কাঠফূলা ভক্ষণ কৰাত অসুস্থ হৈ পৰে ৷

আটাইকে সাপেখাতী আদৰ্শ চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ দিপা মুড়া নামৰ মহিলা গৰাকীয়ে বমি কৰাৰ লগতে অত্যন্ত পেটৰ বিষত আক্ৰান্ত হৈ পৰে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande