গোলাঘাট জিলাৰ মেৰাপানীত আৱকাৰী অভিযানত ১০০০ লিটাৰ চুলাই মদ জব্দ
গোলাঘাট, ০৭ মে’(হি.স.)। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে আজি চুলাই মদৰ বিৰুদ্ধে অভিযান চলালে গোলাঘাট জিল
গোলাঘাট জিলাৰ মেৰাপানীত আৱকাৰী অভিযানত ১০০০ লিটাৰ চুলাই মদ জব্দ


গোলাঘাট, ০৭ মে’(হি.স.)। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে আজি চুলাই মদৰ বিৰুদ্ধে অভিযান চলালে গোলাঘাট জিলাৰ মেৰাপানীৰ ২ নং তৰানিত । আবকাৰী বিভাগে আজি মেৰাপানীৰ ২ নং তৰানিত চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই । অভিযানকাৰী দলটোৱে জান দুৱৰা নামৰ লোকজনৰ ঘৰত প্ৰায় ১০০০ লিটাৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয় ।

উল্লেযোগ্য যে অভিযুক্ত জান দুৱৰাক পূৰ্বতেও গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল আৰু বৰ্তমানেও তেওৰ বিৰুদ্ধে কেইবাটাও পলাতকৰ গোচৰ ৰুজো হৈ আছে। আজি ৰাইজৰ এটা অভিযোগৰ ভিত্তিত উক্ত আৱকাৰি দলটোৱে অভিযান চলাই। অভিযানৰ খবৰ পাই মদ বিক্ৰিৰ লগত জড়িত ব্যক্তিজন সেই স্থানৰ পৰা পলায়ন কৰে। আবকাৰী বিভাগৰ অভিযান আগলৈকো চহৰখনৰ গাতে লাগি থকা অঞ্চল সমুহত অব্যাহত খাকিব বুলি সদৰী কৰে অভিযানকাৰী দলটোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande