শিলচৰৰ নিটত অধ্যয়ণৰত কমলপুৰৰ কেশৰ প্ৰাণ ডেকাৰ অস্বাভাৱিক মৃত্যু
কাছাৰ, ০৭ মে’(হি.স.)l এজন মেধাবী ছাত্ৰৰ অস্বাভাবিক মৃত্যুৱে শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে কমলপুৰৰ বোৰ
শিলচৰৰ নিটত অধ্যয়ণৰত কমলপুৰৰ কেশৰ প্ৰাণ ডেকাৰ অস্বাভাৱিক মৃত্যু


কাছাৰ, ০৭ মে’(হি.স.)l এজন মেধাবী ছাত্ৰৰ অস্বাভাবিক মৃত্যুৱে শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে কমলপুৰৰ বোৰ্কা অঞ্চলত। শিলচৰৰ নিটত অধ্যয়ণৰত বোৰ্কা গাৱৰ কেশৰ প্ৰাণ ডেকাই কালি হোষ্টেলৰ বাথৰূমতে চৰম পন্থা লৈছিল।

মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ আছিল কেশৰ প্ৰাণ ডেকা। কালি আবেলিৰ ভাগত গা ধুৱলৈ বাথ ৰূমত সোমায় এই চৰম সিদ্ধান্ত লয় ছাত্ৰ গৰাকীয়ে। কি কাৰনত এই চৰম সিদ্ধান্ত ললে সেয়া বৰ্তমানও ৰহস্যৰ মাজত। এতিয়া বোৰ্কা গাঁও তথা অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/ৰমেন/আলোক.


 rajesh pande