চিৰাঙৰ ৩৫ নং ডাঙাইগাঁও প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত অসুষ্ঠ ভোটাৰৰ মৃত্যু
কোকৰাঝাৰ,০৭ মে’(হি.স.)। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাঙৰ ৩৫ নং ডাঙাইগাঁও প্ৰাথমিক বিদ্যালয়ৰ ভ
চিৰাঙৰ ৩৫ নং ডাঙাইগাঁও প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত অসুষ্ঠ ভোটাৰৰ মৃত্যু


কোকৰাঝাৰ,০৭ মে’(হি.স.)। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাঙৰ ৩৫ নং ডাঙাইগাঁও প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত শোকাবহ ঘটনা। ভোটদান কৰিবলৈ আহি ভোটকেন্দ্ৰত কৰুণ মৃত্যুক সাৱতিলে এগৰাকী ভোটাৰে। মৃত ভোটাৰ গৰাকীক হুছেইন আলী(৩৮)বুলি চিনাক্ত কৰা হৈছে।

কি পৰিস্থিতিত ভোটাৰ জনে ইহলীলা সম্বৰণ কৰিলে তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰত্যক্ষদৰ্শীয়ে জানিব পৰা অনুসৰি ভোট প্ৰদান কৰাৰ আগতেই ভোট কেন্দ্ৰত গৈ হুছেইন আলী হঠাতেই অসুস্থতা অনুভৱ কৰে আৰু ভোট কেন্দ্ৰৰ চৌহদত এখন চকীত বহি পৰে। বহি থকা অৱস্থাতে চকীৰ পৰা ঢলি পৰে আৰু থিতাতে মৃত্যুবৰণ কৰে। স্থানীয় লোকৰ সন্দেহ হুছেইন আলীৰ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি নেপালপাৰা এলেকাত শোকৰ ছাঁ নামি পৰিছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande