গুৱাহাটীত সোণাপুৰ সংকুলৰ বৈদিক গণিতৰ এদিনীয়া কৰ্মশালা
গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। আজি ২৬ এপ্ৰিল শুক্ৰবাৰে গুৱাহাটী বিভাগৰ অন্তৰ্গত হাজো, গুৱাহাটী আৰু সো
কৰ্মশালা


গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। আজি ২৬ এপ্ৰিল শুক্ৰবাৰে গুৱাহাটী বিভাগৰ অন্তৰ্গত হাজো, গুৱাহাটী আৰু সোণাপুৰ সংকুলৰ বৈদিক গণিতৰ এদিনীয়া কৰ্মশালা শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীত অনুষ্ঠিত হয়।ৰাতিপুৱা ৯.০০ বজাত অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰান্তীয় বৈদিক গণিত প্ৰশিক্ষণ প্ৰমুখ পৰমানন্দ ডেকাই। নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে প্ৰাস্তবিক ভাষণ আৰু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি কুলেন বড়োৱে প্ৰশিক্ষাৰ্থী সকলক সাদৰ সম্ভাষণ জনায়।

কৰ্মশালাত গুৱাহাটী বিভাগৰ তিনিটা সংকুল ক্ৰমে হাজো, সোণাপুৰ আৰু গুৱাহাটী সংকুলৰ মুঠ ১৮ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত স্বামী ভাৰতী কৃষ্ণ তীৰ্থৰ ১৬টা সূত্ৰ আৰু ১৩টা উপসূত্ৰৰ চমু আভাস দিয়ে।ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ গণিতৰ প্ৰতি আগ্ৰহ জন্মোৱা আৰু গণিত বিষয়টো মনোগ্ৰাহী কৰাৰ কথা প্ৰকাশ কৰে লগতে প্ৰতিযোগিতা মূলক পৰীক্ষাত এই বৈদিক গণিতৰ বিধি প্ৰয়োগ কৰি লাভাম্বিত যে হ'ব পাৰি তাৰ কথা স্পষ্ট ভাৱে প্ৰকাশ কৰে। শিশু শিক্ষা সমিতি অসমৰ নিকেতন সমূহত ২০০৮ বৰ্ষৰ পৰা বৈদিক গণিতৰ প্ৰয়োগ কৰি অহা হৈছে। অসমৰ সকলো নিকেতনৰ লগতে উত্তৰ গুৱাহাটীটো নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলক বৈদিক গণিতৰ পদ্ধতি প্ৰয়োগ কৰি গণিতৰ শিক্ষা দি অহা হৈছে।নতুন শিক্ষানীতিত এই বৈদিক গণিতৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব। এই পৰিকল্পনা মতে আজি উত্তৰ গুৱাহাটীৰ নিকেতনে গুৱাহাটী বিভাগৰ হৈ প্ৰচেষ্টা হাতত লয়।

উল্লেখযোগ্য যে উত্তৰ গুৱাহাটী নিকেতনত বৈদিক গণিতৰ আজিৰ কৰ্মশালাৰ প্ৰেজেন্টেশ্বন সামগ্ৰী মজুত ৰখা হৈছে। আজিৰ কৰ্মশালা নিকেতনৰ বিশেষ সুবিধাৰ্থে স্মাৰ্ট বোৰ্ডৰ জৰিয়তে কৰা হয়। আজি চাৰিটা কালাংশত বৈদিক গণিতৰ পৰমমিত্ৰ, বিজাংক, যোগ-বিয়োগ, পূৰণ, বৰ্গ আদিৰ বিভিন্ন বিধি উপস্থাপন কৰা হয়। কৰ্মশালাত গুৱাহাটী বিভাগৰ বৈদিক গণিত প্ৰমুখ কন্দৰ্প দাসে কালাংশ লয়।

হিন্দুস্থান সমাচাৰ/সমীপ/মনোজ/আলোক.


 rajesh pande