পুৱা ৯ বজালৈ উত্তৰ পূৰ্বাঞ্চলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ
গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। চলিত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল
পুৱা ৯ বজালৈ উত্তৰ পূৰ্বাঞ্চলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ


গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। চলিত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৭ টা সমষ্টিত আজি ২৬ এপ্ৰিলত পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ ধাৰা অনুসৰি পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত বৃহৎ সংখ্যক লোকে সমবেত হৈ ভোটদান কৰিছে।

অসমৰ ৫টা লোকসভা সমষ্টি, মণিপুৰৰ আউটাৰ মণিপুৰ আৰু ত্ৰিপুৰাৰ ত্ৰিপুৰা ইষ্টত পুৱা ০৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হয়। পুৱা ৯ বজালৈকে অসমত ৯.৭১ শতাংশ, মণিপুৰত ১৫.৪৯ শতাংশ আৰু ত্ৰিপুৰাত ১৬.৬৬ শতাংশ ভোটদান হোৱাৰ তথ্য পোৱা গৈছে।

এতিয়ালৈকে পোৱা তথ্য অনুসৰি শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে। ভোট কেন্দ্ৰসমূহত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

উল্লেখযোগ্য যে ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত অৰুণাচল প্ৰদেশৰ দুখন লোকসভা আৰু ৬০খন বিধানসভা আসন, মেঘালয়ৰ দুখন, অসমৰ ৫খন, নাগালেণ্ডৰ এখন, মিজোৰামৰ এখন, ত্ৰিপুৰাৰ এখন আৰু মণিপুৰৰ লোকসভাৰ এখন আসনৰ বাবে ভোটদান অনুষ্ঠিত হৈছিল ।

হিন্দুস্থান সমাচাৰ / অৰবিন্দ/মনোজ


 rajesh pande