গেলেকীৰ সমূহ ৰাইজৰ উদ্যোগত ত্ৰয়োদশ বৰ্ষৰ বাবে কেন্দ্ৰীয় ৰঙালী বিহু সম্মিলনৰ আয়োজন
শিৱসাগৰ, ০৬ মে' (হি.স.)। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গেলেকীৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে কেন
গেলেকীৰ সমূহ ৰাইজৰ উদ্যোগত ত্ৰয়োদশ বৰ্ষৰ বাবে কেন্দ্ৰীয় ৰঙালী বিহু সম্মিলনৰ আয়োজন


শিৱসাগৰ, ০৬ মে' (হি.স.)। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গেলেকীৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ৰঙালী বিহু সম্মিলন ।আজি পূৱা ৯ বজাত বিহুৱান উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি পাঞ্জল বৰঠাকুৰে ।৯ বজাত স্মৃতি তৰ্পণ কৰা হয় আৰু তাৰ পিছতে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয় ।

শোভাযাত্ৰাৰ উদ্ধোধন কৰে সমাজকৰ্মী ভবানন্দ বড়াই ।দিনৰ ১২ বজাত সদৌ অসম ভিত্তিত মৌকুঁৱৰী , ঢোলবাদন আৰু পেঁপা বাদন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।ইয়াৰ পিছতেই হুঁচৰি আৰু জেংবিহুৰ প্ৰদৰ্শন কৰা হয় ।সন্ধিয়া ৭ বজাত স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰাম্ভ হব ।গেলেকীৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ এইবাৰৰ মূখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপান্বিতা ডেকাৰ গীতৰ শৰাই ।গতিকে দুয়োদিনৰ কাৰ্যসূচীত স্থানীয় ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰ কামনা কৰিছে উদযাপন সমিতিয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande