শিৱসাগৰত নিচা মুক্তি কেন্দ্ৰত চিকিৎসাধীন যুৱকৰ মৃত্যু
শিৱসাগৰ, ০৬ মে' (হি.স.)। ৰাজ্যত পুনৰ নিচা মুক্তি কেন্দ্ৰৰ বিৰ্তক। গুৱাহাটিৰ এখন নিচা মুক্তি কেন্দ্ৰৰ
শিৱসাগৰত নিচা মুক্তি কেন্দ্ৰত চিকিৎসাধীন যুৱকৰ মৃত্যু


শিৱসাগৰ, ০৬ মে' (হি.স.)। ৰাজ্যত পুনৰ নিচা মুক্তি কেন্দ্ৰৰ বিৰ্তক। গুৱাহাটিৰ এখন নিচা মুক্তি কেন্দ্ৰৰ বিৰ্তকই মাৰ নৌযাওঁতেই পুনৰ আন এখন নিচা মুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। এইবাৰ স্থান শিৱসাগৰ জিলাৰ নাজিৰাৰ।

শিৱসাগৰ জিলা, নাজিৰাৰ এখন নিচা মুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষই (জনৈক মৃগাংক শৰ্মা আৰু ৰাজ বৰঠাকুৰৰ) কেন্দ্ৰটোত চিকিৎসাৰ নামত ৰোগী (নিচাসক্ত)সকলক শাৰিৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ গুৰুতৰ অভিযোগ আনিছে উক্ত কেন্দ্ৰটোত চিকিৎসা গ্ৰহন কৰি থকাৰ সময়ত মৃত্যু হোৱা বাবলু ৰানা নামৰ যুৱক জনৰ পৰিয়ালৰ লোকে।

অভিযোগ অনুসৰি মৃত বাবলু ৰানাৰ জেষ্ঠ ভগ্নীয়ে প্ৰায়েই কেন্দ্ৰৰ কৰ্মচাৰী ৰাজ বৰঠাকুৰলৈ ফোন কৰি ভাতৃৰ খবৰ লৈছিল যদিও কোনোদিনেই ভাতৃৰ সৈতে কথাপাতিব দিয়া নাছিল। ৩ মেত পুনৰ ১১ মিনিট সময় ৰাজ বৰঠাকুৰৰ সৈতে কথা পাতিছিল কিন্তু সেই সময়ত ভাতৃ সুস্থ থকা বুলি জানিব দিয়ে। কিন্তু ৪ মেৰ দিনা এটা অচিনাকী নম্বৰৰ পৰা জেষ্ঠ ভগ্নীলৈ ফোন আহে আৰু ভাতৃ বাবলু ৰানাক গৌৰীসাগৰ চিকিৎসালয়ৰ আইচিইউ ত ভৰ্তি কৰা বুলি জানিব দিয়ে।

পৰিয়ালৰ লোকে গৌৰিসাগৰ চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত বাবলু ৰানাক আইচিইউ দেখা পায় যদিও কাষত কেন্দ্ৰটোৰ কোনো লোকক দেখাপোৱা নাছিল। চিকিৎসকে উন্নত চিকিৎসাৰ বাবে লৈ যাবলৈ পৰামৰ্শ দিয়াত পৰিয়ালৰ লোকে ততাতয়াকৈ এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰি যোৰহাট চিকিতসা মহাবিদ্যালয় হস্পিতাললৈ লৈ যোৱাৰ সময়ত তিনিজন যুৱকে এম্বুলেঞ্চ খন আগচি ধৰি পৰিয়ালৰ লোকক এখন কোৰ্ট কাগজত চহী কৰিবলৈ বাধ্য কৰে।

গৌৰীসাগৰ চিকিৎসালয়ৰ পৰা যোৰহাট চিকিতসা মহাবিদ্যালয় হস্পিতালত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতেই বাবলু ৰানাৰ মৃত্যু হয়। উল্লেখ যে মৃত্যুৰ পুৰ্বে বাবলু ৰানাক উক্ত নিচা মুক্তি কেন্দ্ৰটোত চিকিৎসাৰ নামত অত্যাচাৰ চলাই আহিছে বুলি নিচামুক্ত কেন্দ্ৰটোৰ বিৰুদ্ধে পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande