অসমঃ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৪৭ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮১ লাখৰো অধিক ভোটাৰে
গুৱাহাটী, ০৬ মে’ (হি.স.)। অসমত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছ
মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল


গুৱাহাটী, ০৬ মে’ (হি.স.)। অসমত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ইভিএমৰ বুটাম টিপি ৮১ লাখৰো অধিক ভোটাৰে কাইলৈ মঙলবাৰে ভোটদান কৰি ৪৭ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ৰাজ্যৰ চাৰিটা লোকসভা সমষ্টি কোকৰাঝাৰ (এছ টি), ধুবুৰী, বৰপেটা আৰু গুৱাহাটীত মঙলবাৰে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ’ব। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সন্দৰ্ভত আজি জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে নিৰ্বাচন সম্পৰ্কীয় তথ্য ভাগ-বতৰা কৰে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি তৃতীয় পৰ্যায়ত প্ৰধানকৈ অসম গণ পৰিষদ (অগপ), অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (এ আই ইউ ডি এফ), বডোলেণ্ড পিপলছ ফ্ৰণ্ট (বি পি এফ) আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ৱাইপি পি পি এল) দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তৃতীয় পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৮১,৪৯,০৯১ জন। য’ত পুৰুষ ভোটাৰৰ সংখ্যা ৪১,০০,৫৪৪ জন, মহিলা ভোটাৰৰ সংখ্যা ৪০,৪৮,৪৩৬গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১১১ জন।

এই নিৰ্বাচনত মুঠ ৯৫১৬ টা ইভিএম ব্যৱহাৰ কৰা হৈছে। গড় ভোটকেন্দ্ৰ অনুসৰি ভোটাৰৰ সংখ্যা চহৰীয়া ১৪৭৪, গ্ৰাম্য ৮০৪২। ইফালে সম্পূৰ্ণৰূপে মহিলাই চলোৱা ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৩২৬টা, মডেল ভোটকেন্দ্ৰৰ সংখ্যা ৮৪টা, বিশেষভাৱে সক্ষম লোকে চলোৱা ভোটকেন্দ্ৰৰ সংখ্যা ১৪টা, মুঠ ৱেব কাষ্টিং কেন্দ্ৰৰ সংখ্যা ৫২৬৬টা। তৃতীয় পৰ্যায়ৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা ৪৭ জন, ইয়াৰে ৪১ জন পুৰুষ আৰু ৬ জন মহিলা। আদৰ্শ আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছৰে পৰা ৰাজ্যখনত মুঠ ২২১টা নিৰ্বাচন সম্পৰ্কীয় অভিযোগ দাখিল কৰা হৈছে, ইয়াৰে ২১৯টা অভিযোগ সমাধান হৈছে। একে সময়তে ১২টা বৃহৎ গোচৰ ৰুজু হৈছে। নিৰ্বাচনী ব্যয়ৰ নিৰীক্ষণৰ অংশ হিচাপে ২০৯.৭ কোটি টকাৰ বিভিন্ন ধৰণৰ সামগ্ৰী জব্দ কৰা হয়। য’ত নগদ ১৯.১ কোটি টকা, ৩১.৮ কোটি টকাৰ ৮.২৬ লাখ লিটাৰ সুৰা, ১২৯.৫ কোটি টকাৰ ড্ৰাগছ আৰু ২৮.৮ কোটি টকাৰ অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে।

আনহাতে, আজিলৈকে এই আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছৰে পৰা মুঠ ৩২টা অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে। ৮৫টা কাৰ্টিজ আৰু বিস্ফোৰক জব্দ কৰা হৈছে, অনুজ্ঞাপত্ৰপ্ৰাপ্ত অস্ত্ৰৰ সংখ্যা ১৮২০২টা। তাত ১৫৩১৫ টা অস্ত্ৰ জমা হৈছিল। ২৬১১টা ৱাৰেণ্ট জাৰি কৰা হৈছিল, ইয়াৰে ১১৮৫টা ৱাৰেণ্ট কাৰ্যকৰী কৰা হৈছিল। এই পৰ্যন্ত মুঠ ১০টা নিৰ্বাচন সম্পৰ্কীয় ঘটনা পঞ্জীয়ন কৰা হৈছে। অৱশ্যে এতিয়ালৈকে কোনো ডাঙৰ গোচৰ পোহৰলৈ অহা নাই।

আনহাতে ৰাজ্যৰ ভিতৰতে ১৭৮টা আন্তঃৰাজ্যিক চেকপইণ্ট আৰু ৪৪০টা চেকপইণ্ট স্থাপন কৰা হৈছে। আনহাতে, ৫০২টা ফ্লাইং স্কোয়াড নিয়োগ কৰা হৈছে, ইয়াৰ লগতে ৪৫২টা পৰিসংখ্যা নিৰীক্ষণ দল আৰু ৯৩টা ৰেপিড একচন দলো নিয়োগ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/শ্ৰী প্ৰকাশ/আলোক/মনোজ


 rajesh pande