অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰিয়ালৰ সৈতে ভোটদান
বাক্সা, ২৬ এপ্ৰিল (হি.স.)। আজি ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত পূৱাৰে পৰা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰিয়ালৰ সৈতে ভোটদান


বাক্সা, ২৬ এপ্ৰিল (হি.স.)। আজি ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত পূৱাৰে পৰা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

আজি পুৱাই দৰং ওদালগুৰি লোকসভা সমষ্টিত তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ৫নং সুৱাগপুৰ মডেল প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী পৰিয়ালৰ সৈতে ভোটদান সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৰি-নতুন প্ৰজন্মৰ ভোটাৰক উৎসাহিত কৰি সকলোকে ভোট দানৰ আহ্বান জনাই অধ্যক্ষ দৈমাৰীয়ে ।বিভিন্ন ভোটকেন্দ্ৰত ইভিএম বিকল হোৱাৰ প্ৰসংগত দৈমাৰীয়ে কয়,কোনো কাৰণত কোনো স্থানত আজি ভোটদান ব্যাহত হলেও চিন্তাৰ কোনো কাৰণ নাই। পৰৱৰ্তি পৰ্যায়ত সেইসকল লোকৰ ভোটদানৰ ব্যৱস্থা কৰা হ''ব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande