অসমত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ: পুৱা ৯ বজালৈকে ট্ৰেণ্ড
গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। ৰাজ্যৰ মুঠ ১৪খন লোকসভা আসনৰ ভিতৰত ৫খন আসনত আজি দ্বিতীয় পৰ্যায়ৰ লোকসভ
voting


গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। ৰাজ্যৰ মুঠ ১৪খন লোকসভা আসনৰ ভিতৰত ৫খন আসনত আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। পুৱা ০৭ বজাৰ পৰা আৰম্ভ হৈছে এই ভোটগ্ৰহণ।

পুৱা ০৯ বজালৈকে ৰাজ্যৰ দৰং-ওদালগুৰি আসনত ১১.১২ শতাংশ ভোটগ্ৰহণৰ তথ্য লাভ কৰা হৈছে। আনহাতে ডিফু লোকসভা সমষ্টিত ১৪.১৩ শতাংশ, কৰিমগঞ্জত ০৯.৬১ শতাংশ, নগাঁৱত ০৯.০৭ শতাংশ আৰু শিলচৰত ০৫.৪৯ শতাংশ ভোটদানৰ হাৰ হোৱা বুলি জানিব পৰা গৈছে ৷

এতিয়ালৈকে পোৱা তথ্য অনুসৰি শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে। ভোট কেন্দ্ৰসমূহত বহু সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। অসমত প্ৰথম পৰ্যায়ত যোৱা ১৯ এপ্ৰিলত যোৰহাট, লখিমপুৰ, কাজিৰঙা, ডিব্ৰুগড় আৰু শোণিতপুৰকে ধৰি ৫খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ কৰা হৈছিল। ইফালে, তৃতীয় পৰ্যায় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৭ মে’ত অনুষ্ঠিত হ’ব। ৪টা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।

হিন্দুস্থান সমাচাৰ/ অৰবিন্দ/মনোজ


 rajesh pande