শাসকীয় দলৰ নিৰ্দেশত আৰক্ষীয়ে সন্ত্ৰাস চলোৱাৰ অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ
নগাঁও, ২৬ এপ্ৰিল (হি.স.): লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত যোৱাকালি বৃহস্পতিব
শাসকীয় দলৰ নিৰ্দেশত আৰক্ষীয়ে সন্ত্ৰাস চলোৱাৰ অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ


নগাঁও, ২৬ এপ্ৰিল (হি.স.): লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত যোৱাকালি বৃহস্পতিবাৰে বিয়লি নগাঁৱত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে এক সংবাদমেল সম্বোধন কৰে।নগাঁৱৰ ৰাজীৱ ভৱনত এই সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে শাসকীয় দলৰ নিৰ্দেশত আৰক্ষীয়ে সন্ত্ৰাস চলোৱাৰ অভিযোগ তোলে। নগাঁৱৰ কংগ্ৰেছ নেতা মজিবুৰ ৰহমানক আটক কৰাক লৈ সৰৱ হৈ পৰে কংগ্ৰেছ নেতাগৰাকী। এই ঘটনাক গভীৰ ষড়যন্ত্ৰ আখ্যা দিয়ে। নগাঁও আৰক্ষীৰ বেআইনী কাৰ্যকলাপক গৰিহণা দি অভিযোগ অবিহনেই আটক কৰাৰ কথা উল্লেখ কৰে।

বিভাগীয় আইন আৰু নীতিক উলংঘা কৰি ৰিভলভাৰ দেখুৱাই গ্ৰেপ্তাৰ কৰাৰ অভিযোগ কৰে। লগতে কংগ্ৰেছৰ একাধিক কৰ্মীক আৰক্ষীয়ে অপদস্থ কৰাৰো অভিযোগ আনে। মোৰ পৰিয়ালৰ ওপৰতো আৰক্ষীৰ আতিশয্য চলিছে । মৰিগাঁও জিলাতো মোৰ অধিবক্তাক মৰিগাঁও আৰক্ষীয়ে আতিশয্য চলাইছে । এনে ঘটনাক চোকা ভাষাৰে গৰিহণা দিলে প্ৰদ্যুত বৰদলৈয়ে। ৰাজ্যৰ গৃহ বিভাগ আৰু পীয়ূষ হাজৰিকাৰ নিদৰ্শেত আৰক্ষীয়ে এই সন্ত্ৰাস চলোৱাৰ অভিযোগ কৰে। ইতিমধ্যে এই সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিলে প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে। আৰক্ষীৰ এনে পশুত্বসূলভ আচৰণক তীব্ৰ নিন্দা কৰে আৰু নগাঁও আৰু মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকক অপসাৰণৰ দাবী তোলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande