বৰপেটাত বৃহৎ সমদলেৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা চিপিআইএম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ
বৰপেটা, ০৫ মে' (হি.স.)। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিনটোত বৰপেটাত মনোৰঞ্জন তালুকদা
বৰপেটাত বৃহৎ সমদলেৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা চিপিআইএম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ


বৰপেটা, ০৫ মে' (হি.স.)। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিনটোত বৰপেটাত মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত চিপিআইএমৰ বৃহৎ সমদল৷ চিপিআইএমৰ বৰপেটা জিলা কাৰ্যালয়ৰ পৰা উলিওৱা সমদলে সমগ্ৰ বৰপেটা চহৰ পৰিভ্ৰমণ কৰে।

গীত-মাত, শ্লোগানেৰে মুখৰিত সমদলৰ মাজতে প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে কয়- সমষ্টিৰ সকলো শ্ৰেণীৰ ৰাইজৰ পৰা আমি অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছো। মানুহে যোগ্য প্ৰাৰ্থী এজন সংসদলৈ পঠাব বিচাৰিছে৷

অগপই ৩০ শতাংশ সংখ্যালঘুৰ ভোট পাব বুলি কোৱা কথাৰো প্ৰতিক্ৰিয়া মনোৰঞ্জন তালুকদাৰৰ— তেওলোকে কল্পনা কৰি থাকক৷ তেওলোকে সপোন দেখা ভাল, কাৰণ মঞ্চতে টোপনি যায় বাবে সপোন ভালকৈ দেখিব পাৰে৷ আমি যুঁজত আছো, আমি জয়ী হম বুলি আমি আত্মবিশ্বাসী৷ মুখ্যমন্ত্ৰীৰ সভাত এইবাৰ উন্মাদনাও নাই, জনসমাগমো নাই ৷মুখ্যমন্ত্ৰীক মানুহে এৰাই চলিছে৷ সকলো দলেই হেলিকপ্টাৰেৰে প্ৰচাৰ চলোৱাৰ বিপৰীতে চিপিআইএমে মাটিৰ দল হিচাপে মাটিৰ মানুহৰ লগত আছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande