কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনক ছেমি ফাইনেল আখ্যা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
কোকৰাঝাৰ, ০৫ মে’ (হি.স.)। আজি অন্ত পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ইয়াৰ বাবে পুৱাৰে পৰা
কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনক ছেমি ফাইনেল আখ্যা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ


কোকৰাঝাৰ, ০৫ মে’ (হি.স.)। আজি অন্ত পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ইয়াৰ বাবে পুৱাৰে পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ব্য়াপক প্ৰচাৰ অভিযান চলাইছে। কোকৰাঝাৰৰ বড়ো বজাৰত ক্ৰেতা-বিক্ৰেতাক সাক্ষাৎ কৰি মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে প্ৰচাৰ চলায় মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য় যে অহা ৭ মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। কোকৰাঝাৰত লোকসভা সমষ্টিৰ নিৰ্বাচনক ছেমি ফাইনেল আখ্যা দিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। প্ৰচাৰৰ মাজতে এই কথা সদৰী কৰে মন্ত্ৰী গৰাকীয়ে। ২০২৫ ত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন। পৰিষদীয় নিৰ্বাচনত বিপিএফক উৎখাতৰ বাবেই এইদৰে কোকৰাঝাৰত উবুৰি খাই পৰিছে বিজেপি।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande