ধুবুৰীত আৰক্ষী অভিযানত গ্ৰেপ্তাৰ চাৰি গৰাকী মোবাইল চোৰ
ধুবুৰী, ২৬ এপ্ৰিল(হি.স.)। ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা। উৎখাত মহিলা মোবাইল চোৰৰ গেং। আজি ধুবুৰীৰ নাককাট
ধুবুৰীত আৰক্ষী অভিযানত গ্ৰেপ্তাৰ চাৰি গৰাকী মোবাইল চোৰ


ধুবুৰী, ২৬ এপ্ৰিল(হি.স.)। ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা। উৎখাত মহিলা মোবাইল চোৰৰ গেং। আজি ধুবুৰীৰ নাককাটি মোৰত অভিযান চলাই গ্ৰেপ্তাৰ চাৰি গৰাকী মহিলা মোবাইল চোৰক । মহিলা কেই গৰাকীৰ পৰা উদ্ধাৰ ১৭ টাকৈ মোবাইল ফোন।

গ্ৰেপ্তাৰ কৰা মহিলা কেইগৰাকী মামণি বেগম, কাজল ৰয়, ৰুমি বেগম, ৰশ্মি বেগম। চাৰিও জনীৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে । ধুবুৰী নাককাটি মোৰত বাহৰ পাতি চাৰি গৰাকী চুৰনিয়ে চলাই গৈছিল মোবাইল চুৰিকাৰ্য্য।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande