মৈৰাবাৰীত দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা: আহত কেইবাজনো লোক
মৰিগাঁও, ০৬ মে' (হি.স.)। মৈৰাবাৰীত দুটা ফৈদৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। আজি পুৱা দহ মান বজাত মৈৰ
মৈৰাবাৰীত দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা: আহত কেইবাজনো লোক


মৰিগাঁও, ০৬ মে' (হি.স.)। মৈৰাবাৰীত দুটা ফৈদৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। আজি পুৱা দহ মান বজাত মৈৰাবাৰীৰ অন্তৰ্গত চহৰিয়া গাঁৱত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা।

সাধাৰণ এটা কথাক কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনাটো। এটা গছপুলি ৰুৱাক কেন্দ্ৰ কৰি সংঘটিত হয় মাৰপিটৰ ঘটনাটো। অভিযোগ অনুসৰি ৰফিকুল ইছলাম নামৰ লোক জন চাকৰি সূত্ৰে ঘৰত নথকাৰ সুযোগত ইনামূল হক,ইক্ৰমোল হক,ৰাববানি আৰু তেওঁলোকৰ পিতৃ ফৈজুল হকৰ নেতৃত্বত এটি আক্ৰমণকাৰী দলে এগৰাকী মহিলাক উপৰ্যুপৰি আক্ৰমণ কৰে।

আনহাতে, আক্ৰমণ কৰাৰ পিছতো শিলগুটি দলিয়াই ভুক্তভোগী দলৰ কেইবাজনো লোকক আহত কৰে। ইতিমধ্যে দুয়োটা ফৈদৰে লোকে ন্যায় বিচাৰি মৈৰাবাৰী আৰক্ষীৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande