লখিমপুৰত আৰক্ষীৰ অভিযানত ৫৮ গ্ৰাম হেৰ'ইন সহ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ
লখিমপুৰ, ০৬ মে' (হি.স.)। লখিমপুৰত ড্ৰাগছ ব্যৱসায়ীক আটক লখিমপুৰ আৰক্ষীৰ। নিতৌ ড্ৰাগছ আসক্তৰ সংখ্যা
লখিমপুৰত আৰক্ষীৰ অভিযানত ৫৮ গ্ৰাম হেৰ'ইন সহ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ


লখিমপুৰ, ০৬ মে' (হি.স.)। লখিমপুৰত ড্ৰাগছ ব্যৱসায়ীক আটক লখিমপুৰ আৰক্ষীৰ। নিতৌ ড্ৰাগছ আসক্তৰ সংখ্যা ভয়াবহ ৰুপত বৃদ্ধি পাব লাগিছে। আৰক্ষীৰ ৰঙা চকুকো পৰোৱাই নকৰি ড্ৰাগছ বেপাৰী সকলে চলাই গৈছে মাৰাত্মক বেহা। ধ্বংস কৰিছে নৱ প্ৰজন্মৰ একাংশক।

জিলা খনত এনে বৰবিহৰ বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই আছে যদিও থমকি ৰোৱা নাই ড্ৰাগছৰ ব্যৱসায়। নিতৌ ন ন কৌশলেৰে তেওলোকে ড্ৰাগছ সৰবৰাহ কৰি আছে। এই ক্ষেত্ৰত আৰক্ষীয়ে বহু সফল অভিযান চলাইছে যদিও সোমবাৰে পুনৰ আৰক্ষীয়ে এক সফল অভিযান চলাই ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰী এজনক আটক কৰিবলৈ সক্ষম হয়।

লখিমপুৰ নগৰৰ খেলমাতিৰ নানু মীৰ নামৰ ড্ৰাগ ব্যৱসায় জনক সোমবাৰে দুপৰীয়া আটক কৰে আৰক্ষীয়ে। নানু মীৰ নামৰ যুৱক জনৰ ঘৰৰ পৰা আৰক্ষীয়ে কণ্টেনাৰ ৫৫ টা, সন্দেহজনক হেৰইন ৫৮ গ্ৰামৰ লগতে ভালেখিনি চিৰিঞ্জ উদ্ধাৰ কৰে।সম্প্রতি আৰক্ষীয়ে আটকাধীন জনক সোধাপোচা কৰি আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande