মৈৰাবাৰীৰ বিভিন্ন এলেকাত ধান খেতিত হোৱা পতানৰ পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ
মৰিগাঁও, ০৬ মে (হি.স.)। বিগত কিছুদিন ধৰি মৈৰাবাৰীৰ বিভিন্ন এলেকাত ধানত পতান হোৱাত কৃষক সকলে মূৰে কপা
মৈৰাবাৰীৰ বিভিন্ন এলেকাত ধান খেতিত হোৱা পতানৰ পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ


মৰিগাঁও, ০৬ মে (হি.স.)। বিগত কিছুদিন ধৰি মৈৰাবাৰীৰ বিভিন্ন এলেকাত ধানত পতান হোৱাত কৃষক সকলে মূৰে কপালে হাত দিবলগীয়া হৈছিল। সেই সন্দৰ্ভত বাতৰি প্ৰচাৰ হোৱাৰ পিছতে আজি মৈৰাবাৰীৰ কৃষক সকলৰ বুজ লবলৈ উপস্থিত হয় মৰিগাঁও জিলা কৃষি বিভাগৰ জ্যোষ্ঠ কৃষি উন্নয়ন বিষয়া কিশোৰ কলিতা।

কৃষক সকলৰ লগত আলোচনা কৰি ধান পতন হোৱাৰ কেইবাটাও কাৰণ দৰ্শালে বিষয়া গৰাকীয়ে।আনহাতে যিসমূহ বীজত ভেজাল আছিল সেই সমূহ বীজ কোম্পানীৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande