দৰং-ওদালগুৰি লোক সভা সমষ্টিত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী
ওদালগুৰি, ২৬ এপ্ৰিল (হি স)। দৰং-ওদালগুৰি লোক সভা সমষ্টিত আজি পুৱাৰে পৰা আৰম্ভ হয় ভোটদান পৰ্ব। পুৱা ৭
দৰং-ওদালগুৰি লোক সভা সমষ্টিত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী


ওদালগুৰি, ২৬ এপ্ৰিল (হি স)। দৰং-ওদালগুৰি লোক সভা সমষ্টিত আজি পুৱাৰে পৰা আৰম্ভ হয় ভোটদান পৰ্ব। পুৱা ৭ বজাৰ পৰা ভোটাৰে ভোট দান কৰিছে নিজৰ পচন্দৰ প্ৰাৰ্থীক।

৪ নং দৰং- ওদালগুৰি লোকসভা সমষ্টিত মুঠ ২২০৯৩১৪ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ২২০৯৩১৪ গৰাকী ভোটাৰৰ ১১০০৬৫৭ গৰাকী পৰুষ ভোটাৰ আৰু ১১০০৬৫৭ গৰাকী মহিলা ভোটাৰ। তৃতীয় লিংগৰ ৩৩ গৰাকী। মুঠ ২৬২২ ভোট গ্ৰহণ কেন্দ্ৰত চলিছে ভোট দান প্ৰক্ৰিয়া। ইয়াৰে ৪৭ নং মাজবাট বিধানসভা সমষ্টিত ১৮৩১৮১ গৰাকী ভোটাৰ আছে। মাজবাট বিধানসভা সমষ্টিত ২১১ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ১১ টা ভোট গ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande