ইউপিপিএল আৰু বিজেপিৰ মাজত ফাটাফাটি হব, এইটো নিশ্চিত-হাগ্ৰামা মহিলাৰীৰ বিষ্ফোৰক মন্তব্য
কোকৰাঝাৰ, ২৬ এপ্ৰিল (হি.স.)। বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী বিটিচিৰ শাসকীয় দল ইউপিপিএলৰ মুৰব্বী
ইউপিপিএল আৰু বিজেপিৰ মাজত ফাটাফাটি হব, এইটো নিশ্চিত-হাগ্ৰামা মহিলাৰীৰ বিষ্ফোৰক মন্তব্য


কোকৰাঝাৰ, ২৬ এপ্ৰিল (হি.স.)। বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী বিটিচিৰ শাসকীয় দল ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োক আজি কঠোৰ সমালোচনা কৰে।তেও কয়, পৰিবৰ্তনৰ শ্লোগান লৈ বিটিআৰৰ গাদী দখল কৰা প্ৰমোদ বড়োক মুছলিম,গাড়ো,বড়ো,ৰাভা, বাঙালী ,কোচ ৰাজবংশী সকলে ভোট দিছিল, এতিয়া ওলোটা হ'ল, প্ৰমোদ বড়োৱে এতিয়া মুছলিম, গাড়ো ,বড়ো, ৰাভা ,বঙালী ,কোচ ৰাজবংশী কাকো চিনি নাপায়, প্ৰমোদ বড়ো জিৰো।

এইদৰে বিটিচি প্ৰধান প্ৰমোদ বড়োক আক্ৰমণৰ লক্ষ্য কৰি লয় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আজি পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ দেবিতোলাৰ যোগানী ঘাটত অনুষ্ঠিত এখন জনসভাত হাগ্ৰামা মহিলাৰীয়ে লগতে কয়-দৰং ওদালগুৰিত আমি বিজেপিৰ দিলীপ শইকীয়া আৰু কংাগ্ৰেছৰ মাধৱ ৰাজবংশীক হেৰাই আহিছোঁ। তেওঁ কয়-কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থীৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ কোনো প্ৰাৰ্থী নাই। কোকৰাঝাৰত আমাৰ এনেই জয়। আনহাতে বড়ো ভূমিত ২০০৫চনৰ ভোটাৰ তালিকাত নাম থকা সকলো জন গোষ্ঠীৰ মানুহক ভূমিৰ পট্টা প্ৰদান কৰাৰ আশ্বাস দিয়ে মহিলাৰীয়ে। উল্লেখ্য যে, বিজেপিৰ কৰ্মী ভোটাৰে এইবেলি ইউপিপিএলৰ প্ৰাৰ্থীক ভোট নিদিব বুলি মন্তব্য কৰি মহিলাৰীয়ে কয়-আমি বড়ো ভূমিৰ দুয়োখন আসনেই দখল কৰিম। ভোট গণনাৰ পাছতেই ইউপিপিএল আৰু বিজেপিৰ মাজত ফাটাফাটি লাগিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande