গোৰেশ্বৰৰ ১৪৮নং ভোট কেন্দ্ৰত ইভিএম বিকল
বাক্সা, ২৬ এপ্ৰিল (হি.স.): লোক সভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি দৰং ওদালগুৰি সংসদীয় সমষ্টিতো পুৱ
গোৰেশ্বৰৰ ১৪৮নং ভোট কেন্দ্ৰত ইভিএম বিকল


বাক্সা, ২৬ এপ্ৰিল (হি.স.): লোক সভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি দৰং ওদালগুৰি সংসদীয় সমষ্টিতো পুৱাৰে পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। ইয়াৰ মাজতে সমষ্টিটোৰ গোৰেশ্বৰৰ ১৪৮ নং ভোট কেন্দ্ৰত ইভিএম বিকল হোৱাৰ কথা জানিব পৰা গৈছে। একেদৰে ১৬৫ নং ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ বাওঁ শাখাত ইভিএম বিকল হোৱাৰ বাবে কেন্দ্ৰটোৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পলম হয়। ইতিমধ্যে কেন্দ্ৰটোত ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande