মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ভোটদান
মৰিগাঁও, ২৬ এপ্ৰিল (হি স)। অসমত দ্বিতীয় পৰ্যায়ত আজি অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি
মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ভোটদান


মৰিগাঁও, ২৬ এপ্ৰিল (হি স)। অসমত দ্বিতীয় পৰ্যায়ত আজি অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি মৰিগাঁও জিলাৰ দেউৰাবড়ি প্ৰাথমিক বিদ্যালয়ত পুৱাই প্ৰথমটো ভোটদান কৰিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।

পুৱাই শাৰী পাতি বিধায়ক গৰাকীয়ে ভোট প্ৰদান কৰে। বিধায়কগৰাকীয়ে কয় যে আমাৰ সকলো ৰাইজে এইবাৰ উপলব্ধি কৰিছে যে নৰেন্দ্ৰ মোডী পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব। মানুহেটো ভোট দিয়াটো সাধাৰণ কথা। গছে পাতে বাহে সকলোৱেই আহ্বান কৰিছে বিজেপিক ভোট দিবলৈ বুলিও প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande