এছিয়ান ২০ বছৰ অনুৰ্ধ এথলেটিকছঃ ৩০০০ মিটাৰ ষ্টীপলচেজত ভাৰতীয় দলৰ আধিপত্য, একতা, ৰণবীৰৰ স্বৰ্ণ জয়
নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। ডুবাইত অনুষ্ঠিত ২১ সংখ্যক এছিয়ান ২০ বছৰ অনুৰ্ধ এথলেটিকছ চেম্পিয়নশ্
একতা দে


নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। ডুবাইত অনুষ্ঠিত ২১ সংখ্যক এছিয়ান ২০ বছৰ অনুৰ্ধ এথলেটিকছ চেম্পিয়নশ্বিপৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে পুৰুষ আৰু মহিলাৰ ৩ হাজাৰ মিটাৰ ষ্টীপলচেজ ইভেণ্টত ভাৰতীয় খেলুৱৈসকলে নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিছে। ইফালে মহিলা শাখাত একতা দেয়ে সোণৰ পদক লাভ কৰাৰ সমান্তৰালকৈ পুৰুষৰ শ্ৰেণীত ৰণবীৰ সিঙে স্বৰ্ণ জয় কৰি সফলতা আজুৰি আনে। বৃহস্পতিবাৰে এই চেম্পিয়নশ্বিপত ভাৰতে ৭টা পদক লাভ কৰে।

মহিলাৰ ৩০০০ মিটাৰ ষ্টীপলচেজত একতা দেয়ে ১০:৩১.৯২ ছেকেণ্ডত স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে পুৰুষৰ ৰণবীৰ সিঙে ৯:২২.৬২ ছেকেণ্ডত স্বৰ্ণ পদক লাভ কৰে।

ইয়াৰ পূৰ্বে অনুৰাগ সিং কালেৰে পুৰুষৰ শ্বট-পুট ইভেণ্টত স্বৰ্ণ পদক লাভ কৰিছিল। মুঠতে বৃহস্পতিবাৰে ভাৰতীয় খেলুৱৈসকলে ৭টা পদক লাভ কৰে।

পুৱাৰ অধিবেশনত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক মহিলাৰ ১০ হাজাৰ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰি ৰেচ ৱাকাৰ আৰতীয়ে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়ায়। বিশ্ব ২০ বছৰ অনুৰ্ধ এথলেটিকছ চেম্পিয়নশ্বিপৰ অৰ্হতাৰ সময় ৪৯ মিনিটতকৈ আৰতিৰ ৪৭:৪৫.৩৩ ছেকেণ্ডৰ ব্ৰঞ্জ জয়ৰ সময় উন্নত আছিল।

পিছত থ্ৰ’য়াৰসকলে দলীয় টেলিত সোণকে ধৰি আৰু তিনিটা পদক সংযোজন কৰে।

অনুৰাগ সিং কালেৰে শ্বট পুটত থিতাপি ল’বলৈ সময় লাগিছিল। সোণৰ পদৰ বাবে তেওঁ দক্ষিণ কোৰিয়াৰ পাৰ্ক ছিহুনৰ বিৰুদ্ধে খেলিছিল। কালাৰে ১৮.৪৪ থ্ৰ’ৰে নিজৰ অভিযান আৰম্ভ কৰিছিল আৰু দ্বিতীয়টো প্ৰচেষ্টাত ১৮.৬৯ মিটাৰত উপনীত হোৱাৰ পিছত তৃতীয়টো প্ৰচেষ্টাত ১৯.২৩ মিটাৰৰ সোণ বিজয়ী থ্ৰ’ লাভ কৰিছিল। চতুৰ্থ আৰু পঞ্চম প্ৰচেষ্টাত কোনো পইণ্ট পোৱা নাছিল আৰু ষষ্ঠ আৰু অন্তিম থ্ৰ’ ১৮.৭৯ মিটাৰ দলিয়ায়।

পাৰ্ক ছিহুনেও ১৯.২৩ মিটাৰ বেষ্ট থ্ৰ’ কৰিছিল যদিও প্ৰতিযোগিতাখনত কালেৰৰ গড় উন্নত হোৱাৰ বাবে তেওঁ ৰূপৰ পদক লাভ কৰে আৰু কোৰিয়াই সোণৰ পদক লাভৰ পৰা বঞ্চিত হয়।

ডিফেণ্ডিং চেম্পিয়ন সিদ্ধাৰ্থ চৌধুৰীয়ে দ্বিতীয়বাৰৰ প্ৰচেষ্টাত ১৯.০২ মিটাৰ থ্ৰ’ৰে ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁৰ আন আন থ্ৰ’বোৰ ১৯ মিটাৰৰ সীমাৰ তলত আছিল।

পঞ্জাৱৰ পাটিয়ালাৰ নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্স (এনচিঅ’ই)ত অনুশীলন কৰি থকা আৰু আৰইচি লিমিটেডৰ সহযোগত অমন্ত কম্বোজে দলীয় সংখ্যাত ৰূপৰ পদক সংযোজন কৰে।

পুৰুষৰ ৪০০ মিটাৰ দৌৰত ৪৭.৫৩ ছেকেণ্ড সময় লৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে অমন চৌধুৰীয়ে।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ


 rajesh pande