গুগলৰ ডুডলেৰে ভাৰতৰ প্ৰথম মহিলা পেছাদাৰী মল্লযুঁজাৰু হামিদা বানোক স্মৰণ
নতুন দিল্লী, ০৪ মে’ (হি.স.)। গুগলে শনিবাৰে ডুডল তৈয়াৰ কৰি ভাৰতৰ প্ৰথম পেছাদাৰী মহিলা মল্লযুঁজাৰু হ
হামিদা বানু


নতুন দিল্লী, ০৪ মে’ (হি.স.)। গুগলে শনিবাৰে ডুডল তৈয়াৰ কৰি ভাৰতৰ প্ৰথম পেছাদাৰী মহিলা মল্লযুঁজাৰু হামিদা বানুক স্মৰণ কৰে। ভাৰতৰ এগৰাকী অগ্ৰণী মহিলা মল্লযুঁজাৰু বানুৱে ১৯৪০-৫০ৰ দশকত পুৰুষ প্ৰধান মল্লযুঁজৰ জগতখনত প্ৰৱেশ কৰিবলৈ বাধা অতিক্ৰম কৰিছিল। ভাৰতৰ প্ৰথম পেছাদাৰী মহিলা মল্লযুঁজাৰু হিচাপে পৰিচিত বানুৰ খ্যাতিৰ যাত্ৰা উল্লেখযোগ্য আছিল যদিও ইয়াত সাহসী প্ৰত্যাহ্বানও সন্নিবিষ্ট আছিল।

উত্তৰ প্ৰদেশৰ আলিগড়ৰ পৰা অহা হামিদা বানুৱে আলিগড়ৰ আমাজন হিচাপে জনপ্ৰিয় হৈ পৰে আৰু বহু পুৰুষ সমকক্ষই আকাংক্ষা কৰা জনপ্ৰিয়তা লাভ কৰে।

১৯৫৪ চনত মুম্বাইত অনুষ্ঠিত হোৱা এখন যুঁজত বানুৱে ৰাছিয়াৰ “মাইকী ভালু” নামেৰে পৰিচিত ভেৰা চিষ্টিলিনক এক মিনিটতকৈও কম সময়ৰ ভিতৰতে পৰাস্ত কৰিছিল।

তেওঁৰ ওজন আছিল ১০৮ কিলোগ্ৰাম (প্ৰায়) আৰু উচ্চতা আছিল ১.৬ মিটাৰ। তেওঁ গাখীৰ ভাল পাইছিল আৰু দৈনিক ৫-৬ লিটাৰ গাখীৰ খাইছিল। মল্লযুঁজৰ কেৰিয়াৰৰ সময়ছোৱাত তেওঁ ফলৰ ৰসো ভাল পাবলৈ আৰম্ভ কৰে। বানুৰ খাদ্যত বিৰিয়ানী, মাটন, আলমণ্ড আৰু ঘিউও আছিল।

ভাৰতৰ বিখ্যাত লেখক মহেশ্বৰ দয়ালে ১৯৮৭ চনত প্ৰকাশিত এখন গ্ৰন্থত হামিদা বানুৰ বিষয়ে লিখি তেওঁৰ মল্লযুঁজৰ কৌশল পুৰুষ মল্লযুঁজাৰুৰ সৈতে মিল থকা বুলি বৰ্ণনা কৰিছে।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ


 rajesh pande