চীনৰ দখলত থমাছ আৰু উবেৰ কাপ বেডমিণ্টন প্ৰতিযোগিতাৰ খিতাপ
চেংডু, ০৬ মে’ (হি.স.)। চীনৰ পুৰুষৰ দলটোৱে ইণ্ডোনেছিয়াক ৩-১ ব্যৱধানত পৰাস্ত কৰি থমাছ কাপ বেডমিণ্টন প
চীন


চেংডু, ০৬ মে’ (হি.স.)। চীনৰ পুৰুষৰ দলটোৱে ইণ্ডোনেছিয়াক ৩-১ ব্যৱধানত পৰাস্ত কৰি থমাছ কাপ বেডমিণ্টন প্ৰতিযোগিতাৰ খিতাপ দখল কৰি ছবছৰীয়া অপেক্ষাৰ অন্ত পেলায়, আনহাতে মহিলা দলটোৱেও ২০২০ চনৰ পিছত প্ৰথমবাৰৰ বাবে দেওবাৰে ইণ্ডোনেছিয়াক ৩-০ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে।

২০১২ চনৰ পিছত প্ৰথমবাৰৰ বাবে একে দুখন দেশে পুৰুষ আৰু মহিলা দুয়োটা শাখাৰ ফাইনেলত ইজনে সিজনৰ বিৰুদ্ধে খেলিছিল।

থমাছ কাপত চীনৰ হৈ বিশ্বৰ দ্বিতীয় স্থানৰ শ্বি ইউকিয়ে এক সুন্দৰ আৰম্ভণি কৰি ইণ্ডোনেছিয়াৰ এণ্টনি চিনিছুকা গিণ্টিঙৰ বিৰুদ্ধে ২১-১৭, ২১-৬ পইন্টত জয়লাভ কৰি নিজৰ দলটোক ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে।

ডাবলছ মেচখনত লিয়াং ৱেইকেং আৰু ৱাং চাঙে ফাজাৰ আলফিয়ান আৰু মহম্মদ ৰিয়ান আৰ্ডিয়াণ্টোক ২১-১৮, ১৭-২১, ২১-১৭ পইন্টত পৰাস্ত কৰি ৬৪ মিনিটৰ খেলখনত জয়লাভ কৰি ব্যৱধান ২-০ কৰে যদিও জনাথন ক্ৰীষ্টিয়ে লি শ্বিফেঙক ২১-১৬, ১৫-২১, ২১-১৭ পইন্ট পৰাস্ত কৰি ইণ্ডোনেছিয়াক হোৱাইটৱাশ্ব হোৱাৰ পৰা ৰক্ষা কৰিলে।

ইয়াৰ পাছত দ্বিতীয় ডাবলছত হে জিটিং আৰু ৰেন জিয়াংইউৱে মহম্মদ শ্বোহিবুল ফিকৰি আৰু বাঘাছ মৌলানাৰ বিৰুদ্ধে ২১-১১, ২১-১৫ পইন্টত আকৰ্ষণীয় জয় লাভ কৰি চীনক ৩-১ ব্যৱধানত জয়লাভ আনি দি খিতাপ দখল কৰে।

চেম্পিয়নশ্বিপ দখল কৰাৰ লগে লগে চীনে এই দ্বিবাৰ্ষিক প্ৰতিযোগিতাত এতিয়ালৈকে মুঠ ১১টা খিতাপ দখল কৰিছে। ১৪টা খিতাপৰে এই তালিকাৰ শীৰ্ষত আছে ইণ্ডোনেছিয়া।

ইয়াৰ পূৰ্বে দেওবাৰে পুৱা চীনৰ মহিলা দলটোৱে ইণ্ডোনেছিয়াক তিনি ঘণ্টাৰ কম সময়ৰ ভিতৰত পৰাস্ত কৰি ১৬ সংখ্যক উবেৰ কাপৰ খিতাপ দখল কৰে।

অলিম্পিক চেম্পিয়ন চেন ইউফেইয়ে একক খেলখনত গ্ৰেগ’ৰিয়া মাৰিস্কা টুনজুঙক ২১-৭, ২১-১৬ পইন্টত পৰাস্ত কৰি অগ্ৰগতি লাভ কৰে।

ডাবলছৰ খেলখনত বিশ্বৰ ১ নং চেন কিংচেন আৰু জিয়া য়িফানে ছিটি ফাদিয়া ছিলভা ৰমাধন্টি আৰু ৰেবেকা চুগিয়াৰ্ট’ক ২১-১১, ২১-৮ পইন্টত পৰাস্ত কৰি চীনক ২-০ ব্যৱধানত আগুৱাই লৈ যায়।

ইয়াৰ পাছত দ্বিতীয়খন একক মেচত ইণ্ডোনেছিয়াৰ কিশোৰ এষ্টাৰ নুৰুমি ট্ৰাইয়ে প্ৰথম ছেটত ২১-১০ পইন্টত জয়লাভ কৰে যদিও হে বিংজিয়াওৱে পুনৰ ২১-১৫, ২১-১৭ পইন্টত জয়লাভ কৰি উবেৰ কাপ দখল কৰে।

হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ


 rajesh pande