দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
বাক্সা, ২৫ এপ্ৰিল (হি.স.)। ৪ নম্বৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৩-তামুলপুৰ (জনজাতি) আৰু ৪৪-
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ


বাক্সা, ২৫ এপ্ৰিল (হি.স.)। ৪ নম্বৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৩-তামুলপুৰ (জনজাতি) আৰু ৪৪-গোৰেশ্বৰ বিধানসভা সমষ্টিত কাইলৈ, অৰ্থাৎ অহা ২৬ এপ্ৰিল, ২০২৪ত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ আজি মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিতৰণ কৰা হৈছে। উল্লেখযোগ্য যে এইবেলি ৪৩-তামুলপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰ হৈছে ২,১২,২৫৭ গৰাকী। তাৰ ভিতৰত পুৰুষ ভোটাৰ ১,০৬,৯৫৪ আৰু মহিলা ভোটাৰ ১,০৫,৩০৩।

আনহাতে ৪৪-গোৰেশ্বৰ বিধানসভা সমষ্টিত পুৰুষ ভোটাৰ ১,০০,৩০৬ আৰু মহিলা ভোটাৰ ৯৯,১০১ গৰাকীকে ধৰি মুঠ ভোটাৰ হৈছে ১,৯৯,৪০৭ গৰাকী। আনহাতে গোৰেশ্বৰত তৃতীয় লিংগৰ ভোটাৰ এগৰাকীও নাই যদিও তামুলপুৰত তৃতীয় লিংগৰ ভোটাৰ আছে এগৰাকী। তামুলপুৰত স্থাপন কৰা ভোটকেন্দ্ৰ ২৪৭ টা আৰু গোৰেশ্বৰত ২২৩টা। অৰ্থাৎ দুয়োটা বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ হৈছে ৪৭০টা। দুয়োটা সমষ্টিত স্পৰ্শকাতৰ ভোটকেন্দ্ৰ হৈছে ১২ টা।

গোৰেশ্বৰ আৰু তামুলপুৰত এটাকৈ, মুঠ দুটা আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। আনহাতে তামুলপুৰৰ ৫ টা ভোটগ্ৰহণ কেন্দ্ৰত কেৱল মহিলা বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে। উল্লেখ্য যে দুয়োটা সমষ্টিত ৮৫ বছৰ বয়সৰ ওপৰৰ ভোটাৰ ১,৭৭৯ গৰাকীৰ বিপৰীতে শতবৰ্ষ গৰকা ভোটাৰৰ সংখ্যা হৈছে ৭৬ গৰাকী।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ


 rajesh pande