বিজনীত গৌৰীশংকৰ শৰণীয়াৰ সমৰ্থনত মটৰচাইকেল সমদল
চিৰাং, ০৫ মে' (হি.স.)। জিলাৰ বিজনীত দেওবাৰে ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী
বিজনীত গৌৰীশংকৰ শৰণীয়াৰ সমৰ্থনত মটৰচাইকেল সমদল


চিৰাং, ০৫ মে' (হি.স.)। জিলাৰ বিজনীত দেওবাৰে ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াৰ সমৰ্থনত মটৰচাইকেল সমদল উলিওৱা হয় । ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেবে উদ্ধোধন কৰে এই মটৰচাইকেল সমদল।

বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা এই সমদলত সাংসদ সুস্মিতা দেব ৰ লগতে দুই শতাধিক তৃণমূল কংগ্ৰেছৰ সমৰ্থকে অংশগ্ৰহণ কৰে। এই মটৰচাইকেল সমদলটোৱে সমগ্ৰ বিজনী চহৰ পৰিভ্ৰমণ কৰে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande