নুমলীগড়ৰ লেটেকুচাপৰি বৰগৰীয়াত ধণশিৰী নৈত বাগৰি পৰিল ট্ৰেক্টৰ
গোলাঘাট, ২৪ এপ্ৰিল (হি.স.)। নুমলীগড়ৰ লেটেকুচাপৰি বৰগৰীয়াত অঘটন। খেতি পথাৰলৈ গৈ থকা অৱস্থাত
নুমলীগড়ৰ লেটেকুচাপৰি বৰগৰীয়াত ধণশিৰী নৈত বাগৰি পৰিল ট্ৰেক্টৰ


গোলাঘাট, ২৪ এপ্ৰিল (হি.স.)। নুমলীগড়ৰ লেটেকুচাপৰি বৰগৰীয়াত অঘটন। খেতি পথাৰলৈ গৈ থকা অৱস্থাত ধণশিৰী নৈত বাগৰি পৰে এখন ট্ৰেক্টৰ। ট্ৰেক্টৰ খনত আছিল একে পৰিয়ালৰ তিনিজন লোক ।

ঘটনাস্থলীতে মৃত্যু হয় দীপক ঘাটোৱাৰ নামৰ এটি ৫ বছৰীয়া শিশুৰ। স্থানীয় ৰাইজৰ তত্পৰতাত বাকী দুজন ক্ৰমে ৰুমিতা ঘাটোৱাৰ (৬) নামৰ এটি শিশু আৰু সিমান্ত ঘাটোৱাৰ (২৮) নামৰ লোকজনক সুকলমে উদ্ধাৰ কৰা হয় নদীৰ পৰা। আহত দুজনক এ আ এল ৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় । ঘটনাস্থলীত উপস্থিত নুমলীগড় আৰক্ষী । সিমান্ত ঘাটোৱাৰ আৰু দীপক ঘাটোৱাৰ বাপেক পুতেক। ৰুমিতা ঘাটুৱাৰ দীপক ঘাটোৱাৰৰ ভতিজা।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande