(আপডেট) হাইলাকান্দিত আৰক্ষীৰ অভিযানত ৫ লক্ষাধিক টকাসহ সুদখোৰ গ্ৰেপ্তাৰ
হাইলাকান্দি, ০৬ মে’(হি.স.)। সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। শেহতীয়াকৈ হাইলাকান্দি আৰক
(আপডেট) হাইলাকান্দিত আৰক্ষীৰ অভিযানত ৫ লক্ষাধিক টকাসহ সুদখোৰ গ্ৰেপ্তাৰ


হাইলাকান্দি, ০৬ মে’(হি.স.)। সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। শেহতীয়াকৈ হাইলাকান্দি আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ৫,১০,২০০ টকা । লগতে জব্দ কৰা হৈছে বহু সংখ্যক বেংকৰ পাছবুক সহ কেইবাটাও এটি এম কাৰ্ড ।

উল্লেখ্য যে হাইলাকান্দিৰ জিলাৰ লালা বজাৰ আৰক্ষী চকিৰ অৰ্ন্তগত সৰ্বানন্দপুৰ অঞ্চলৰ পৰা লালা আৰক্ষীয়ে তপন নাথ নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা জব্দ কৰে ৫,১০,২০০ টকাৰ লগতে বহু ব্যক্তিৰ নামত থকা বেংক পাচবুক আৰু কেইবা খনো এটি এম কাৰ্ড।

ইফালে এই বৃহৎ সংখ্যক টকাৰ কোনো বৈধ নথি পত্ৰ দেখুৱাব পৰা নাই তপন নাথ নামৰ ব্যক্তি গৰাকীয়ে। বৰ্তমান তপন নাথ নামৰ ব্যক্তি গৰাকীক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে লালা আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande