কলিয়াবৰত দুখন বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত এজন নিহত, আহত ২
নগাঁও, ০৬ মে’(হি.স.)। নগাঁও জিলাৰ কলিয়াবৰৰ সৰুভগীয়াত দেওবাৰে মাজ নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এ
কলিয়াবৰত দুখন বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত এজন নিহত, আহত ২


নগাঁও, ০৬ মে’(হি.স.)। নগাঁও জিলাৰ কলিয়াবৰৰ সৰুভগীয়াত দেওবাৰে মাজ নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এলপিজি ভৰ্তি টেংকাৰ আৰু আৰটিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়। দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে মহিলা সহ আন দুজন গুৰুতৰ ভাৱে আহত। নিহত লোকজনক যোৰহাটৰ অভিজিৎ শইকীয়া(২৭) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্যমতে, এএছ ০৩ একে ৫২৫৩ নম্বৰৰ আৰটিগা বাহনখনে বিপৰীত দিশৰ পৰা আহি থকা এএছ ২৫ চিচি ৯৩২৪ নম্বৰৰ গেছ ভৰ্তি টেংকাৰ খনত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।

টেংকাৰ আৰু সৰু বাহন খনৰ দুয়োজন চালক বহু সময় ধৰি আবদ্ধ হৈ আছিল চালকৰ আসনত। স্থানীয় লোকৰ সহযোগত আৰক্ষী আৰু অগ্নি নিৰ্বাপন বাহিনীয়ে দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে। চিকিৎসালয়ত আৰটিগা বাহন খনৰ চালক জনক চিকিৎসকে মৃত ঘোষনা কৰে। গেছ টেংকাৰ খনে সৰু বাহন খনক মহতিয়াই নি এঘৰৰ পকীবেৰ ভাঙি এজোপা গছত খুন্দা মাৰি ৰৈ যায়।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande