ঢকুৱাখনাত ১০ কোটি টকীয়া জিঅ' বেগৰ খহনীয়া প্ৰতিৰোধী স্পাৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ
লক্ষীমপুৰ, ০৬ মে’ (হি.স.)। তীব্ৰ খহনীয়াৰ কবলত পৰিছে ঢকুৱাখনা। অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আ
ঢকুৱাখনাত ১০ কোটি টকীয়া জিঅ' বেগৰ খহনীয়া প্ৰতিৰোধী স্পাৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ


লক্ষীমপুৰ, ০৬ মে’ (হি.স.)। তীব্ৰ খহনীয়াৰ কবলত পৰিছে ঢকুৱাখনা। অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে। ৰাইজৰ সন্মুখতেই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ১০ কোটি টকীয়া জিঅ’ বেগৰ খহনীয়া প্ৰতিৰোধী আঁচনি।

খহনীয়াই ভাবুকি আনিছে ঢকুৱাখনা আৰু নদী দ্বীপ মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ চিচি টেকেলিফুটা মথাউৰীলৈ। ঢকুৱাখনা ৬ নং বান্দেনা স্পাৰত ব্ৰহ্মপুত্ৰই ভয়াৱহ খহনীয়া চলাই ত্ৰাসৰ সৃষ্টি কৰিছে। খহনীয়া প্ৰতিৰোধত বিফল হৈছে জলসম্পদ বিভাগ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande