গোলকগঞ্জত আৰক্ষীৰ অভিযানত ৮৯ বটল বিলাতী সুৰা জব্দ
ধুবুৰী, ০৬ মে’ (হি.স.)। তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰশাসনে ড্ৰাই ডে ঘোষণা কৰাৰ পিছতেই গোলকগঞ্
গোলকগঞ্জত আৰক্ষীৰ অভিযানত ৮৯ বটল বিলাতী সুৰা জব্দ


ধুবুৰী, ০৬ মে’ (হি.স.)। তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰশাসনে ড্ৰাই ডে ঘোষণা কৰাৰ পিছতেই গোলকগঞ্জ আৰক্ষীৰ অভিযান ত্বৰিত হৈ পৰিছে। অভিযানত জব্দ কৰিলে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। উল্লেখ্য যে জনপ্রতিনিধিত্ব আইন, ১৯৫১ আৰু ১৩৫ (গ) ধাৰাত আৰু অসম আৱকাৰী নিয়ম, ২০১৬ (সংশোধিত)ৰ অধীনত আৰু ধুবুৰী নিৰ্বাচন জিলাত, ২০২৪ তৃতীয় পর্যায়ৰ সংসদীয় সমষ্টি সমূহৰ সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাৰ পৰিপ্ৰেক্ষিতত অসমৰ ৰাজ্যপালে কোনো ব্যক্তি নাইবা ব্যক্তিৰ দলে কোনো ধৰণৰ মাদক দ্রব্য ৰখা আৰু সুৰা বিক্ৰীৰ ওপৰত সম্পূর্ণ নিষেধাজ্ঞা জাৰি কৰিছে।

কিন্তু একাংশ দূষ্ট চক্ৰই বিলাতী সুৰাৰ ব্যৱসায় অব্যাহত ৰাখিছে। আজি ড্ৰাই ডে বলৱত হোৱাৰ পিছতেই এক গোপন সুত্ৰৰ পম খেদি গোলকগঞ্জ থানাৰ সহকাৰী উপ পৰিদৰ্শক সঞ্জীৱ কুমাৰ নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ ঢেপঢেপী বজাৰত অভিযান চলাই ৮৯ বটল বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande