উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা কামাখ্যা – গোৱালপাৰা - নিউ বঙাইগাঁও খণ্ডৰ পৰিদৰ্শন
–দ্বৈত ৰে’লপথ, বৈদ্যুতিকৰণ আৰু অন্যান্য উন্নয়নমূলক কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা গুৱাহাটী, ২৪ এপ্ৰিল
মহা প্ৰৱন্ধক


–দ্বৈত ৰে’লপথ, বৈদ্যুতিকৰণ আৰু অন্যান্য উন্নয়নমূলক কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা

গুৱাহাটী, ২৪ এপ্ৰিল (হি স)। উত্তৰ পূব সীমা্ন্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে আজি ৰঙিয়া মণ্ডলৰ অধীনৰ কামাখ্যা-নিউ বঙাইগাঁও (গোৱালপাৰাহৈ) খণ্ডবিস্তৃতভাৱে পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্য কাৰ্যালয় আৰু সংশ্লিষ্ট মণ্ডলৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ৰঙিয়াৰ মাণ্ডলিক ৰে’ল প্ৰৱন্ধক শ্ৰী নীৰজ গুপ্তাও মহাপ্ৰৱন্ধকৰ লগত আছিল। মহাপ্ৰৱন্ধকে এই ৰে’ল পথৰ ষ্টেচনসমূহ পৰিদৰ্শন কৰে, ৰে'লৱে ষ্টেচনত সুৰক্ষা সম্পৰ্কীয় উপকৰণসমূহৰ সৈতে খণ্ডটোৰ দ্বৈতকৰণ আৰু বৈদ্যুতিকৰণৰ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেখেতে সংশ্লিষ্ট ষ্টেচনসমূহৰ ৰে'লৱে বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰে, বিভিন্ন বিষয়ৰ ওপৰত মতামত গ্ৰহণ কৰে আৰু বিভিন্ন সুৰক্ষা সম্পৰ্কীয় বিষয়ত তেওঁলোকৰ সজাগতাৰ বুজ লয়।

মহাপ্ৰৱন্ধকে উইণ্ডো ট্ৰেইলিং পৰিদৰ্শন কৰে। তেখেতে মাৰ্শ্বেলিং য়াৰ্ড,কোচিং য়াৰ্ড, সৰু আৰু বৃহসেতু, ৰাণিং ৰুম, হেল্থ ইউনিটৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহো পৰিদৰ্শন কৰে। তেখেতে নিৰ্মাণাধীন কামকাজসমূহৰ বিস্তৃত পৰিদৰ্শন কৰাৰ লগতে এই খণ্ডসমূহৰ বাবে উন্নয়নমূলক পৰিকল্পনাসমূহৰ নিৰীক্ষণ কৰে। মহাপ্ৰৱন্ধকে নতুন ষ্টেচন ভৱন, ক্ৰু লবি, ফুট অভাৰ ব্ৰীজ, প্লেটফৰ্ম আৰু অন্যান্য যাত্ৰীসা-সুবিধাৰ কামৰ পৰিকল্পনাসমূহৰ নিৰীক্ষণ কৰে। তেখেতে নিউ বঙাইগাঁও ষ্টেচনত নিৰ্মাণাধীন অৱস্থাত থকা ষ্টেচন পুনৰ্বিকাশ কামকাজসমূহ পৰিদৰ্শন কৰে। উন্নত, অতিৰিক্ত আৰু বৰ্ধিত যাত্ৰীসুবিধা প্ৰদানৰ বাবে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনৰ উত্তৰ পূব সীমান্ত ৰে'লৱেৰ অধীনৰ নিউ বঙাইগাঁও ষ্টেচন পুনৰ বিকশিত কৰা হ'ব। আধুনিকীকৰণৰ বাবে নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে।

মহাপ্ৰৱন্ধকৰ এই পৰিদৰ্শনৰ উদ্দেশ্য আছিল বিভিন্ন উন্নয়নমূলক কাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰা, বিভিন্ন স্থানৰ সা-সুবিধাসমূহৰ মূল্যাঙ্কন কৰা, বিষয়াসকলৰ সৈতে মত বিনিময় কৰা আৰু অঞ্চলটোত আন্তঃগাঁথনিগত বিকাশ আৰু ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা। নিৰ্মাণাধীন কামকাজসমূহৰ বিষয়ে তেখেতেৰ ইতিবাচক মূল্যায়নে যাত্ৰীসকলৰ বাবে সুৰক্ষিত, দক্ষ আৰু আৰামদায়ক ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ একনিষ্ঠ প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে।

হিন্দুস্থান সমাচাৰ/মনোজ/অৰৱিন্দ


 rajesh pande