চামগুৰিৰ কাছখাইতীত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা
নগাঁও, ২৪ এপ্ৰিল (হি.স.)। চামগুৰিৰ কাছখাইতীত আজি কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। ৰকি-লুৰীন -প্ৰদ্যুৎৰ
চামগুৰিৰ কাছখাইতীত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা


নগাঁও, ২৪ এপ্ৰিল (হি.স.)। চামগুৰিৰ কাছখাইতীত আজি কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। ৰকি-লুৰীন -প্ৰদ্যুৎৰ চমকপ্ৰদ নিৰ্বাচনী সভা। ২০ সহস্ৰাধিক সংখ্যালঘু জনতাৰ আগত চৰকাৰক সমালোচনাৰে উদাত্ব ভাষণ কংগ্ৰেছ মিত্ৰজোটৰ নেতাসকলৰ।

অজাপ নেতা লুৰীন জ্যোতি গগৈয়ে ভাষণ প্ৰদান কৰি কয় যে জনতাৰ চুনামীত বিজেপি টচ-নচ হৈছে, নগাঁৱত প্ৰদ্যুৎ বৰদলৈয়ে তিনিলাখ ভোটৰ ব্যৱধান জয়ী হব। তেওঁ নিজ ভাষণত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি মুখ্য়মন্ত্ৰীক জংঘল ৰাজৰ চৰ্দাৰ বুলি কয়। লুৰিনে কয় যে জাতিক আৰু ৰাইজক কৰা অন্যায়ৰ উত্তৰ দিবলৈ সাজু হৈছে ৰাইজ। লুৰিণৰ ভাষ্য, সংখ্যালঘু ৰাইজক লক্ষ্য কৰি কৰি ভৰিৰ তলিত গুলীয়াইছে, জংগলৰাজ চলি আছে অসমত।

আৰ এছ এছ আৰু জাতিক কৰা অন্যায় সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ৰাইজে ভোট দিছে আৰু দিব বুলি মন্তব্য লুৰিণ জ্যোতি গগৈৰ। ইফালে সভাত ভাষণ দি ৰকিবুল হুছেইনে কয় যে ওষ্টাদৰ মাৰ শেষ ৰাতি। চামগুৰিত ৰাইজৰ যি উতসাহ সেয়া পূৰ্বতে দেখা নাছিল বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীৰ এইবাৰ মুখ্যমন্ত্ৰী গুচি গৈছে বুলি মন্তব্য ৰকিবুল হুছেইনৰ। অসম জাতীয় পৰিষদ কা ৰ বিৰুদ্ধে আছিল আৰু আছে থাকিব বুলি মন্তব্য লুৰিণ জ্যোতি গগৈৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande