কাইলৈ অনুষ্ঠিত হ'ব লগা তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে সাজু গোৱালপাৰা জিলা প্ৰশাসন
গোৱালপাৰা, ০৬ মে’(হি.স.)। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰাত ভোটগ্ৰহণৰ বাবে জিলা প্ৰশাসন সাজ
কাইলৈ অনুষ্ঠিত হ'ব লগা তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে সাজু গোৱালপাৰা জিলা প্ৰশাসন


গোৱালপাৰা, ০৬ মে’(হি.স.)। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰাত ভোটগ্ৰহণৰ বাবে জিলা প্ৰশাসন সাজু হৈছে। ইয়াৰ বাবে জিলা খনত মুঠ ৯১০টা ভোট কেন্দ্ৰ সাজু কৰি তোলা হৈছে। ইয়াৰ ভিতৰত পূব গোৱালপাৰাত ২৪৯টা, পশ্চিম গোৱালপাৰাত ১৮৯টা, দুধনৈত ২২৩টা, জলেশ্বৰত ২৪৯টা ।

আনহাতে ইয়াৰ ভিতৰত মহিলাৰ দ্বাৰা পৰিচালিত ৪০ টা ভোট কেন্দ্ৰও আছে। একেদৰে মডেল ভোট কেন্দ্ৰ ৪টা, চৰ অঞ্চলত ২৮ টা ভোট কেন্দ্ৰ সাজু কৰা হৈছে। ইফালে প্ৰতিটো বিধান সভা সমষ্টিৰ বাবে বেলেগ বেলেগ ৰঙৰ কাউন্টাৰ সাজি উলিওৱা হৈছে। ১২ নং জলেশ্বৰ- ৰঙা ৰং, ১৩ গোৱালপাৰা পশ্চিম সমষ্টি (জনজাতি) নীলা ৰং, ১৪ গোৱালপাৰা পূৱ বগা ৰং আৰু ১৫ দুধনৈ সমষ্টি\ কাউন্টাৰৰ ৰং (জনজাতি) হালধীয়া কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande