বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ নগাঁৱৰ ৰাইডঙীয়া ৰজাগাঁৱৰ যুৱকৰ মৃত্যু
নগাঁও, ০৬ মে’ ( হি স )। বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যুমুখত পৰে নগাঁৱৰ ৰাইডঙীয়া ৰজাগাঁৱৰ প
বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু নগাঁৱৰ ৰাইডঙীয়া ৰজাগাওঁৰ যুৱক প্ৰাঞ্জল বৰা।


নগাঁও, ০৬ মে’ ( হি স )। বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যুমুখত পৰে নগাঁৱৰ ৰাইডঙীয়া ৰজাগাঁৱৰ প্ৰাঞ্জল বৰা নামৰ যুৱকজন। দুই বন্ধুৰ সৈতে ৩ মে’ত গৈছিল ৰাইডঙীয়া ৰজাগাৱৰ পৰা ছেকেণ্ডৰাবাদলৈ।

পেটৰ তাড়নাত চপন বৰা আৰু ৰাজীৱ কুমাৰ নাথৰ সৈতে কাম বিচাৰি বহিঃ ৰাজ্যলৈ গৈছিল প্ৰাঞ্জল বৰা। সোমবাৰে পুৱা গোমতোলৰ চৈতণ্ডপুলিত উদ্ধাৰ হয় প্ৰাঞ্জলৰ মৃতদেহ। যুৱক জনৰ শৰীৰত আঘাট থকা মৃতদেহ উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে। যুৱক জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ


 rajesh pande