নগাঁৱৰ ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা–ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এগৰাকী স্কুলীয়া ছাত্ৰ
নগাঁও, ০৬ মে’ ( হি স )। নগাঁৱৰ ৰূপহীহাটত আজি পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।ড্ৰাম্পাৰৰ খুন্দাত
নগাঁৱৰ ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা।ড্ৰাম্পাৰৰ খুন্দাত থিতাতে নিহত এগৰাকী স্কুলীয়া ছাত্ৰ। আহত দুই গৰাকী ছাত্ৰ।

নগাঁও, ০৬ মে’ ( হি স )। নগাঁৱৰ ৰূপহীহাটত আজি পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।ড্ৰাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী স্কুলীয়া ছাত্ৰ। লগতে আহত হয় আন দুগৰাকী ছাত্ৰ। ৰূপহী বজাৰৰ মাজ মজিয়াত জাম্পাৰে মহতিয়াই নিয়ে তিনি গৰাকী স্কুলীয়া ছাত্ৰক।

ড্ৰাম্পাৰৰ খুন্দাত থিতাতে এগৰাকী ছাত্ৰ নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় দুগৰাকী কৈ ছাত্ৰ। ডাম্পাৰৰ খুন্দাত নিহত ছাত্ৰ গৰাকী গুনাবাড়ীৰ মামুদ জামান বুলি পৰিচয় পোৱা গৈছে।আহত ছাত্ৰ দুগৰাকী ক্ৰমে গুণাবাড়ীৰ ইক্রমূল হʼক আৰু গেৰেকীৰ ইফতিকাৰ আহমেদ। প্ৰাপ্ত তথ্য়মতে এএছ ২৫ ইচি ৮৭২৩ নম্বৰৰ ডাম্পাৰখনে খুন্দিয়াই মহতিয়াই নিয়ে এএছ ০২ এএল ১৬৩৭ নম্বৰৰ মটৰ চাইকেল খনক। আহতদ্বয়ক নগাওঁ মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ

 rajesh pande