বাইহাটা চাৰিআলিৰ বেজেৰাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ
কামৰূপ, ২৪ এপ্ৰিল (হি.স.)। বাইহাটা চাৰিআলিৰ বেজেৰাত আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী
বাইহাটা চাৰিআলিৰ বেজেৰাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ


কামৰূপ, ২৪ এপ্ৰিল (হি.স.)। বাইহাটা চাৰিআলিৰ বেজেৰাত আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। দৰং-ওডালগুৰি লোক সভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী গৰাকীৰ ।

বিজেপিয়ে নিৰ্বাচন ১৩ খন আসন পাব বুলি ভাষণত উল্লেখ কৰে । অসমৰ চৰকাৰী কাৰ্যৰ্লয় সমুহত পৰিবৰ্তন হোৱা বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে । ২০২৪ চনৰ ভিতৰতে উত্তৰ গুৱাহাটী দলং খন মুকলি হব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে । অসম খনক নতুন উদ্যোগী কৰণ কৰাৰ কথাও উল্লেখ কৰে । অসমত পুনৰ ৫০ হাজাৰক চাকৰি দিয়া হব বুলিও কয় মুখ্য মন্ত্ৰী গৰাকীয়ে । প্ৰতিটো পৰিয়ালৰে একোজনক চৰকাৰি চাকৰি দিয়াৰ ব্যৱস্থা কৰা হ''ব বুলি উল্লেখ কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande