হোজাই আৰক্ষীৰ জালত দুজনীকৈ মহিলা চোৰ
হোজাই, ০৬ মে (হি.স.)। হোজাই আৰক্ষীৰ জালত আজি দুজনীকৈ মহিলা চোৰ। হোজাই বিশাল মেগা মাৰ্টত চুৰি কৰি ধৰা
হোজাই আৰক্ষীৰ জালত দুজনীকৈ মহিলা চোৰ


হোজাই, ০৬ মে (হি.স.)। হোজাই আৰক্ষীৰ জালত আজি দুজনীকৈ মহিলা চোৰ। হোজাই বিশাল মেগা মাৰ্টত চুৰি কৰি ধৰা পৰিল দুজনীকৈ মহিলা।

বিশাল মেগা মাৰ্টৰ কৰ্তৃপক্ষই চুৰি কৰাৰ অভিযোগত চুৰি সামগ্ৰীসহ মহিলা দুগৰাকীক আটক কৰি চমজি দিয়ে হোজাই আৰক্ষীক। আটকাধীন মহিলা দুগৰাকী হোজাই ইছলাম নগৰৰ মাজিদা বেগম আৰু জাহিৰা বেগম। ইতিমধ্যে হোজাই আৰক্ষীয়ে দুয়োগৰাকী মহিলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি প্ৰেৰণ কৰিছে ন্যায়িক জিম্মালৈ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande