গ্ৰীষ্মকালত যাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে কাটিহাৰ আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত বিশেষ ৰেল
গুৱাহাটী, ২৩ এপ্ৰিল (হি.স.)। গ্ৰীষ্মকালৰ ভিৰৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ
গ্ৰীষ্মকালত যাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে কাটিহাৰ আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত বিশেষ ৰেল


গুৱাহাটী, ২৩ এপ্ৰিল (হি.স.)। গ্ৰীষ্মকালৰ ভিৰৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা কাটিহাৰ আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত গ্ৰীষ্মকালীন বিশেষ ৰেল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গ্ৰীষ্মকালীন বিশেষ ৰেল নং. ০৫৭২১/০৫৭২২ (কাটিহাৰ - আনন্দ বিহাৰ টাৰ্মিনেল - কাটিহাৰ) উভয় দিশত দহটাকৈ ট্ৰিপৰ বাবে চলাচলকৰিব।

এই ৰেলপথত ভ্ৰমণ কৰা অন্যান্য ৰেলৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলে এই গ্ৰীষ্মৰ সময়ত বিশেষ ৰেলখনত আৰামেৰে ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। বিশেষ ৰেল নং ০৫৭২১(কাটিহাৰ - আনন্দ বিহাৰ টাৰ্মিনেল) ৰেলখন ২৪ এপ্ৰিলৰ পৰা ২৬ জুন, ২০২৪ লৈ প্ৰতি বুধবাৰে ১৭:২৫ বজাত কাটিহাৰৰপৰা প্ৰস্থান কৰি বৃহস্পতিবাৰে ১৮:৫০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, বিশেষ ৰেল নং ০৫৭২২(আনন্দ বিহাৰ টাৰ্মিনেল-কাটিহাৰ) ৰেলখন ২৫ এপ্ৰিলৰ পৰা ২৭ জুন, ২০২৪ লৈ প্ৰতি বৃহস্পতিবাৰে ২৩:২৫ বজাত আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা প্ৰস্থান কৰি শনিবাৰে ০১:৩০ বজাত কাটিহাৰগৈ উপস্থিত হব।

বিশেষ ৰে'লসমূহত যাত্ৰীসকলৰ সুবিধাৰ বাবেএচি ৩-টায়াৰ, শ্লীপাৰ ক্লাছ আৰু সাধাৰণআসনৰ ডবা থাকিব। ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰেলখননৱগচিয়া, বাৰাউনী জংচন, ছাপৰা,গোৰখপুৰজংচন, গোণ্ডাজংচন, চন্দৌসীজংচনআৰু হাপুৰজংচন আদি হৈ চলাচল কৰিব আৰু টিকট উপলব্ধ আছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেয়ে আজি এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে।

হিন্দুস্থান সমাচাৰ/আলোক/অৰৱিন্দ


 rajesh pande