নিৰ্বাচনী প্ৰচাৰৰ মাজতে বৰপেটাৰ বহৰিস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিদেৱ সত্ৰত উপস্থিত দুলু আহেমদ
বৰপেটা, ০৪ মে’ (হি.স.): নিৰ্বাচনী প্ৰচাৰৰ মাজতে বৰপেটাৰ বহৰিস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিদেৱ সত্ৰ
নিৰ্বাচনী প্ৰচাৰৰ মাজতে বৰপেটাৰ বহৰিস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিদেৱ সত্ৰত উপস্থিত দুলু আহেমদ


বৰপেটা, ০৪ মে’ (হি.স.): নিৰ্বাচনী প্ৰচাৰৰ মাজতে বৰপেটাৰ বহৰিস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিদেৱ সত্ৰত উপস্থিত হয় নিৰ্দলীয় প্ৰাৰ্থী দুলু আহেমদ । সমষ্টিটোৰ বিভিন্ন প্ৰান্তত দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি নিশা উপস্থিত হয় বহৰি হৰিদেৱ সত্ৰত ।

সত্ৰত উপস্থিত হৈ বহৰি সত্ৰ সমাজৰ লগত মত বিনিময় কৰে দুলু আহমেদে। লগতে বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে বৰপেটাৰ সত্ৰসমূহকে ধৰি সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত নিজৰ মন্তব্য দাঙি ধৰে। এইবাৰ নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত দুলু আহেমদে শেষ হাঁহি মাৰিব বুলিও প্ৰাৰ্থীগৰাকীয়ে দাবী কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande