চেঙাৰ কাছুমাৰা আণ্ডাভাঙ্গা আঞ্চলিক বজাৰত বিজেপি মিত্ৰজোটৰ অগপৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
বৰপেটা, ০৪ মে’ (হি.স.): তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই প্ৰতিটো ৰাজনৈতিক
চেঙাৰ কাছুমাৰা আণ্ডাভাঙ্গা আঞ্চলিক বজাৰত বিজেপি মিত্ৰজোটৰ অগপৰ নিৰ্বাচনী কাৰ্যালয় মুকলি


বৰপেটা, ০৪ মে’ (হি.স.): তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে ধুবুৰী লোকসভাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ গাঁও কিম্বা চহৰ প্ৰতিটো প্ৰান্ততে দলীয় নেতা কৰ্মী সকলে দিনে নিশাই চলাই গৈছে প্ৰচাৰ কাৰ্য ৷

সমান্তৰালকৈ শুকুৰবাৰে সন্ধিয়া ধুবুৰী লোকসভাৰ অন্তৰ্গত চেঙা সমষ্টিৰ কাছুমাৰা আণ্ডাভাঙ্গা আঞ্চলিক বজাৰত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় বিজেপি মিত্ৰজোটৰ অগপৰ নিৰ্বাচনী কাৰ্যালয় ৷ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বাদশা আলী দেৱানে ৷ উদ্বোধনী পৰ্বত সহযোগ কৰে ছুৰুজ জামাল মোল্লা, আবুছায়েদ মণ্ডল , আলোপতি কাছুমাৰা মণ্ডলৰ বিজেপিৰ সাধাৰণ সম্পাদক নুৰ হামিদ, বিজেপি মিত্ৰজোটৰ বিভিন্ন পৰ্যায়ৰ কৰ্মী আৰু অঞ্চলটোৰ ৰাইজ ৷ উদ্বোধনীৰ পিছত সন্মানীয় ব্যাক্তি সকলক সম্বৰ্ধনা জনোৱা হয় ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande