লামডিঙত ধৃত ড্ৰাগছ বেহাত জড়িত ৰে'ল কৰ্মচাৰীসহ ২ জন
হোজাই, ০৪ মে’ (হি.স.): ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে ৰে’ল চহৰ লামডিং । লামডিং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধ
লামডিঙত ধৃত ড্ৰাগছ বেহাত জড়িত ৰে'ল কৰ্মচাৰীসহ ২ জন


হোজাই, ০৪ মে’ (হি.স.): ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে ৰে’ল চহৰ লামডিং । লামডিং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই এগৰাকী ৰে’ল কৰ্মচাৰী আৰু এজন যুৱকক আটক কৰে।

শুকুৰবাৰে সন্ধিয়াৰ ভাগত লামডিং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বাবুপট্টীৰ পৰা হাতে লোতে ড্ৰাগছ সহ দুয়েজনক আটক কৰে। ধৃতদ্বয় হৈছে ৰে’ল কৰ্মচাৰী দীপক দাস আৰু দ্বীপ হাজাৰি। আটকাধীন দুজনৰ দীপক দাস ওৰফে (ভূষণ) লামডিং বাবুপটী ৰে’ল কলনিৰ বাসিন্দা আৰু দ্বীপ হাজাৰি নিউ কলনীৰ বাসিন্দা। ইয়াৰে ৰে’ল কৰ্মচাৰী দীপক দাসৰ কোৱাৰ্টাৰৰ পৰা দুটা চাবোনৰ বাকচত প্ৰায় ২৮ গ্ৰাম সন্দেহ যুক্ত হেৰইন জব্দ কৰে।

উল্লেখ যে ৰে’ল কৰ্মচাৰী দীপক দাসৰ বিৰুদ্ধে লামডিঙত ড্ৰাগছ সৰবৰাহ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া আৰু পূৰ্বেও লামডিং আৰক্ষীয়ে ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande