মহিলাক ৱাইফাই গেছ চিলিণ্ডাৰ, নিবনুৱাক আই ফোন আৰু ই–ৰিক্সা দিয়াৰ প্ৰতিশ্ৰুতি বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দেৱান মহিবুলৰ
বৰপেটা, ০৪ মে’ (হি.স.): তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ লগতে
মহিলাক ৱাইফাই গেছ চিলিণ্ডাৰ, নিবনুৱাক আই ফোন আৰু ই–ৰিক্সা দিয়াৰ প্ৰতিশ্ৰুতি বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দেৱান মহিবুলৰ


বৰপেটা, ০৪ মে’ (হি.স.): তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আছে। লগতে জনসাধাৰণক আকৰ্ষিত কৰিবলৈ দিছে বিভিন্ন প্ৰতিশ্ৰুতি। এইক্ষেত্ৰত পিছ পৰি থকা নাই ৩ নং বৰপেটা লোকসভা সমষ্টি নিৰ্দলীয় প্ৰাৰ্থী দেৱান মহিবুল। মহিবুলে মহিলাক ৱাইফাই গেছ চিলিণ্ডাৰ, নিবনুৱাক আই ফোন আৰু ই–ৰিক্সা দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

দেৱান মহিবুলে প্ৰতিশ্ৰুতি দি কয় যে ৰাইজে যদি তেওঁক ভোট দি সাংসদ নিৰ্বাচিত কৰে তেতিয়া হ’লে মহিলাসকলক দিব ৱাইফাই গেছ চিলিণ্ডাৰ। নিৱনুৱা যুৱক যুৱতীক দিব আই ফোন আৰু এখনকৈ ই ৰিস্কা। লগতে ব্ৰহ্মমপুত্ৰ দুটা পাৰে গঢ়ি তুলিব আটকধুনীয়া পথ। দেৱান মহিবুলৰ মতে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়ন প্ৰতিদ্বন্দ্বিতালৈ নাহিবই। দেৱান মহিবুলৰ লগত তেওঁৰ মূল প্ৰতিদ্বন্দ্বিতা হ’ব মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ লগত । সমষ্টিটোত ৫ লাখ ভোটত জয় লাভ কৰিব বুলিও দাবী কৰে নিৰ্দলীয় প্ৰাৰ্থী দেৱান মহিবুলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande