অসমৰ তিনিজন সংখ্যালঘু সম্প্ৰদায়ৰ লোকক মেঘালয়ত হত্যাৰ প্ৰতিবাদত ২১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ আমছুৰ
গোৱালপাৰা,২০ এপ্ৰিল(হি.স.)। গোৱালপাৰা জিলাৰ দুধনৈৰ অসম মেঘালয় সীমান্তৰ দামৰাত আমছুৰ ৰাষ্ট্ৰীয় ঘাইপথ
অসমৰ তিনিজন সংখ্যালঘু সম্প্ৰদায়ৰ লোকক মেঘালয়ত হত্যাৰ প্ৰতিবাদত ২১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ আমছুৰ


গোৱালপাৰা,২০ এপ্ৰিল(হি.স.)। গোৱালপাৰা জিলাৰ দুধনৈৰ অসম মেঘালয় সীমান্তৰ দামৰাত আমছুৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ। দুধনৈ-ডাইনাডুবি সংযোগী ২১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ(আমছুৰ)। মেঘালয়ৰ ওৱাগাচিত গোৱালপাৰা জিলাৰ তিনি যুৱকক হত্যাৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ।

যোৱা মঙ্গলবাৰে মেঘালয়ৰ ৰংজেং থানাৰ অন্তৰ্গত ওৱাগাচিত উদ্ধাৰ হৈছিল গোৱালপাৰা জিলাৰ দলগোমাৰ জমৰ আলী, নুৰ মহম্মদ আৰু কৃষ্ণাইৰ খৰিধৰাৰ জাহিদুল ইছলামৰ মৃতদেহ। আজি চাৰিদিন সময় উকলি যোৱাৰ পাছতো মেঘালয় আৰু অসম আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত আজি আমছুয়ে ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে৷ মেঘালয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায়,হায়, মেঘালয়ত থকা অসমীয়া মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰক, হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আমছুৱে৷

আনহাতে অতি শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে অসম-মেঘালয় সংযোগী প্ৰতিটো পথত অৱৰোধ কাৰ্যসূচী আৰু পথ অৱৰোধ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে আমছুৱে ৷

হিন্দুস্থান সমাচাৰ /প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande