কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ওদালগুৰি, ১৯ এপ্ৰিল (হি.স.): আজি ওদালগুৰি জিলাৰ কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে অসমৰ
কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ


ওদালগুৰি, ১৯ এপ্ৰিল (হি.স.): আজি ওদালগুৰি জিলাৰ কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ত্ৰিশ হাজাৰৰো অধিক লোকৰ উপস্থিতিত দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে।

নিজৰ স্বভাৱ সুলভ ভাষণত অনাগত দিনত ৰেচন কাৰ্ড থকা প্ৰতিজনকে অৰুনোদয় আঁচনি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। ওদালগুৰিৰ কলাইগাঁৱত নিৰ্বাচনী সভাত মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই কয় যে এসময়ত বন্দুক বাৰুদ শব্দত বিহু আহিছিল সেইখন অসমত কুলি কেতেকীৰ শব্দত এতিয়া বিহু হৈছে । তেওঁ কয় যে বিধানসভা নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিছিলোঁ এক লাখ চাকৰি দিয়া, ইতিমধ্যে তিনিবছৰত একলাখ চাকৰি দিলো অহা এবছৰত ৫০ হাজাৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্রীয়ে । প্ৰধানমন্ত্ৰী আবাস গৃহৰ জিঅ টেকিনৰ দায়িত্ব মহিলা আত্মসহায়ক গোটক দিয়া হব বুলিও কয় মুখ্যমন্ত্রীয়ে। ইফালে মেট্ৰিকত উৰ্ত্তীন ছাত্ৰী সকলক ১০ হাজাৰকৈ আৰু স্নাতক পঢ়া ছাত্ৰী সকলক ২৫ হাজৰ টকা দিব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

আনফালে প্ৰায় তিনি লাখ ভোটৰ ব্যৱধানত দিলীপ শইকীয়া জয়ী হ'ব বুলি মন্তব্য কৰে। আজিৰ সভাত মূখ্যমন্ত্ৰীৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিধায়ক দিগন্ত কলিতা, পৰমানন্দ ৰাজবংশী, বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, সঞ্জিত তাঁতীৰ লগতে কেবাগৰাকীও নেতা উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ

পুনৰ দোহাৰিলে মুখ্যমন্ত্রীয়ে মোডীৰ গেৰেন্টী মামাৰ ওৱাৰেন্টি ।


 rajesh pande