ধুবুৰীত জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপুৰ্ণ বৈঠকত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ অংশগ্ৰহণ
ধুবুৰী, ০২ মে’(হি.স.)। চলিত মে’ মাহৰ ৭ তাৰিখে অনুষ্ঠিত হ’ব লগা ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ধুবুৰী
ধুবুৰীত জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপুৰ্ণ বৈঠকত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ অংশগ্ৰহণ


ধুবুৰী, ০২ মে’(হি.স.)। চলিত মে’ মাহৰ ৭ তাৰিখে অনুষ্ঠিত হ’ব লগা ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচন, উপলক্ষে যাৱতীয় কাম-কাজৰ বুজ ল'বলৈ উপস্থিত হৈছে অসমৰ মাননীয় মুখ্য নিৰ্বাচনী বিষয়া,অনুৰাগ গোৱেল।

মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল ধুবুৰী নিৰ্বাচনী জিলাত উপস্থিত হৈ বি.এন. কলেজত জিলা নিৰ্বাচনী বিষয়া ও ৰিটাৰ্ণি বিষয়াদিবাকৰ নাথ , নিৰ্বাচনৰ দায়িত্বত নিয়োগ কৰা বিষয়া আৰু অতিৰিক্ত আয়ুক্ত বন্তি তালুকদাৰ, ধুবুৰী নিৰ্বাচনী বিষয়া মাছি টপনো, সহকাৰী ৰিটাৰ্ণিং বিষয়াসকল,নডেল বিষয়া আৰু অতিৰিক্ত আয়ুক্তসকল , নিৰ্বাচনৰ লগত সংগতি ৰখা বিভিন্ন কোষৰ বিষয়া সকলৰ লগত নিৰ্বাচনৰ সন্দৰ্ভত এখন বৈঠকত অংশগ্ৰহণ কৰে।

নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত জিলাখনৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহৰ ওপৰত আলোচনা কৰে।বৈঠকৰ সমাপ্তিৰ পিছত বি.এন.কলেজত স্থাপন হোৱা ষ্ট্ৰং ৰুমৰ এলেকা, গণনা কেন্দ্ৰ, নিৰ্বাচন সামগ্ৰী বিতৰণ আৰু জমা কৰা কেন্দ্ৰৰ ব্যৱস্থা পৰিদৰ্শন কৰে আৰু লগতে বি.এন.কলেজত স্থাপন হোৱা বিভিন্ন কোষৰ পৰিদৰ্শন কৰি নিৰাপত্তাৰ পৰা আদি কৰি বিভিন্ন পৰিস্থিতিৰ বুজ লয়।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande