এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক মুকলি সমৰ্থন বিটিআৰ আক্ৰাছুৰ
কোকৰাঝাৰ, ০২ মে’ (হি স)। ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ১ নং কোকৰ
এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক মুকলি সমৰ্থন বিটিআৰ আক্ৰাছুৰ


কোকৰাঝাৰ, ০২ মে’ (হি স)। ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক মুকলি সমৰ্থন জনাইছে সদৌ বিটিআৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ বিটিআৰ আক্ৰাছুৱে । কাজলগাঁৱত সদৌ বিটিআৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থা তথা বিটিআৰ আক্ৰাছুৱে এক সংবাদ মেল পাতি এই ঘোষণা কৰে।

আজিৰ এই সংবাদমেলত সদৌ বিটিআৰ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মণিৰাম ৰায়ে কয় যে দুদিন আগত কোকৰাঝাৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সৈতে বিটিআৰ আক্ৰাছুৰ এক বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত বিটিআৰ অঞ্চলত বসবাস কৰা কোঁচ-ৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া জাতীয় সমস্যা তথা দাবী সমূহ লৈ আলোচনা হয় আৰু আগন্তুক দিনবোৰত উক্ত সমস্যা তথা দাবী সমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰতি প্ৰদান কৰে ।

সেইমৰ্মে বিটিআৰ আক্ৰাছুয়ে ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক মুকলি সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande